ছয়গাওঁঃ দক্ষিণ কামৰূপৰ ছয়গাঁও বিধানসভা সমষ্টিৰ গৰৈমাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰিদল ৰঙাদাকুৱা ৰিজাৰ্ভৰ ১০০০ বিঘা ভূমি অবৈধ বেদখলকাৰীৰ কৱলত। নিশাৰ ভিতৰতে শ-শ সন্দেহজনক লোকে ঘৰ সাজি গাঁও স্থাপন কৰিছে অঞ্চলটোত। এই সমগ্ৰ ঘটনাকলৈ এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। এই সন্দৰ্ভত প্ৰতিবাদ কৰিলেই স্থানীয় সচেতন লোক আৰু চৰকাৰী বিষয়াক আক্ৰমণৰো চেষ্টা কৰে অবৈধ বেদখলকাৰীৰ গুৰি ধৰোতা চালাম আৰু তেওঁৰ পুত্ৰ চুলতানে। এই অবৈধ বেদখল স্থলীত আৰক্ষী, মণ্ডল, সাংবাদিক, স্থানীয় লোক যিয়েই নাযাওক চালাম আৰু চুলতানে প্ৰাণে মৰাৰ ভাবুকি দিয়ে। আনকি ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদেও ভয় কৰে এই দুই মাফিয়াক।

আনহাতে, এই স্থানসমূহত এতিয়া ড্ৰাগছ, অবৈধ নাৰী দেহ ব্যৱসায়, জুৱা আৰু অপৰাধীৰ ঘাটীত পৰিণত কৰিছে চালাম আৰু চুলতানে। দহ বিশ হাজাৰকৈ ধনৰ বিনিময়ত মানুহ আনি চালাম আৰু চুলতানে গৃহ স্থাপন কৰিবলৈ দিয়ে। ইমানৰ পিছতো অবৈধ বেদখল উচ্ছেদ কৰি অহা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ নজৰত পৰা নাই এইবোৰ দৃশ্য।

গতিকে এই সন্দৰ্ভত স্থানীয় সচেতন লোকে শীঘ্ৰে প্ৰশাসন তথা চৰকাৰক অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আৰু চৰকাৰী ৰিজাৰ্ভখন মুক্ত কৰিবলৈ আহ্বান জনাইছে। নহ’লে এই গো চৰণীয়া বিশাল পথাৰখন চালাম আৰু চুলতানে এদিন অবৈধ বেদখলেৰে সন্দেহজনক লোকৰ হাতত গতাই দি নিঃশেষ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,878 other subscribers

Leave a comment

Leave a Reply