মানকাচৰ : ৰাজ্য চৰকাৰে জাৰি কৰা নতুন এছ অ পি একাংশ লোকে অৱজ্ঞা কৰাৰ বাবে মানকাচৰৰ আৰক্ষী কঠোৰ হৈছে পৰিছে। একাংশ গাড়ী চালক তথা লোকে চৰকাৰে বলবৎ কৰা কাৰ্ফিউ অমান্য কৰাত জৰিমনাৰ লগতে শাস্তিমুলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে মানকাচৰ আৰক্ষী-প্ৰশাসনৰ। একাংশক জৰিমনা দিব নোৱাৰাৰ ফলত কাণত ধৰি উঠা-বহা কৰাই এৰি দিয়া পৰিলক্ষিত হৈছে আৰক্ষীয়ে।
মানকাচৰৰ কুচনীমাৰা, কামাখ্যা মন্দিৰৰ সমীপত আৰক্ষীয়ে ক’ভিড সম্পৰ্কীয় চৰকাৰৰ নীতি-নিৰ্দেশনা অমান্য কৰাত একাংশ লোকক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষীয়ে সৰ্বসাধাৰণক আহ্বান জনায় যাতে কোনেও আইন ভংগ নকৰে। মানকাচৰত এতিয়ালৈ মুঠ ৫ জন লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে। মুঠ আক্ৰান্তৰ সংখ্যা ৪১১ জনলৈ বৃদ্ধি পাইছে জিলাখনত।
আৰু পঢ়কঃ ধঁপাত জাতীয় সামগ্রী ব্যৱহাৰ আৰু ধূমপানৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ আহ্বান
অথচ এতিয়াও একাংশ লোকে সচেতন নোহোৱাৰ লগতে চৰকাৰী নিৰ্দেশনা মানি চলিব বিচৰা নাই। ফলত আৰক্ষীয়ে এনে কঠোৰ ব্যৱস্থা হাতত লৈছে।মুঠৰ ওপৰত ক’ভিডৰ পৰা সুৰক্ষিত থকাৰ বাবে মানকাচৰ আৰক্ষী কঠোৰ স্থিতি গ্ৰহণ কৰিব লৈ বাধ্য হৈছে বুলি মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায়ে সাংবাদিকৰ আগত মন্তব্য কৰে।