মাজুলীঃ শনিবাৰে মাজুলীৰ গেজেৰা আঞ্চলিক ৰঙ্গমঞ্চত আগন্তুক মিচিং বানে কেবাং (MBK)ৰ শত বৰ্ষ উদযাপনৰ আৰম্ভণি অনুষ্ঠানৰ বাবে গঠন কৰা হৈছে অভ্যৰ্থনা সমিতি।
মাজুলী বিধান সভাৰ বিধায় ভুৱন গাম, MBK, TMPK , MMK, TMMK, MAK আৰু MDK ছটা মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া আৰু স্থানীয় মাজুলী বাসী ৰাইজৰ উপস্থিতিত মাজুলীৰ সন্মানীয় বিধায়ক ভুৱন গামক সভাপতি, কালিৰাম কুলিক কাৰ্যকৰী সভাপতি আৰু মাজুলীৰ MAC ,GM নীল দলেক সাধাৰণ সম্পাদক হিচাপে লৈ আভ্যৰ্থনা সমিতি গঠন কৰা হয়।
উল্লেখযোগ্য যে MBK শত বৰ্ষ উদযাপনৰ আৰম্ভণি অনুষ্ঠান অহা ১৬ আৰু ১৭ জুলাই তাৰিখে মাজুলীৰ গেজেৰাত অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰে MBKৰ সভাপতি পৰমানন্দ চাহেঙীয়াই।