জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলাৰ তেজালপট্টি চাহ বাগিছা খেলপথাৰত সদৌ অসম “হ” সমাজ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতি তথা প্ৰাথমিক সমিতিৰ সহযোগত প্ৰথম বাৰ্ষিক অঁত গুৰু কল লাকু বদ্ৰাৰ ১০৩ সংখ্যক জন্ম জয়ন্তী পালন কৰে।
কাৰ্যসূচী মৰ্মে পতাকা উত্তোলন কৰে অঞ্চলৰে সমাজকৰ্মী ললিত বদ্ৰাই। তাৰপিছত স্মৃতি তৰ্পণ, বন্তী প্ৰজ্বলনৰ পিছতে মুকলি সভাৰ মঞ্চ মুকলি কৰে চুৰেণ চাতাৰে। উক্ত সভাত মুখ্য উপদেষ্টা হিচাপে উপস্থিত থাকে সুদুৰ উৰিষ্যাৰ পৰা অহা ববিপংকজ চিৰ্কা, ঝাৰখণ্ডৰ বিনানন্দ চিৰ্কা আৰু ডিব্ৰুগড়ৰ কেদাৰ জামুদা। মুখ্য উপদেষ্টা সকলে ভাষণ প্ৰসংগত কয় যে – ” নিজৰ জাতিৰ প্ৰতি আমি সন্মান কৰিলেহে জাতিৰ সংস্কৃতি, মাতৃভাষা জীয়াই থাকিব । নিজৰ মাতৃভাষাক বৰ্তমানৰ নৱপ্ৰজন্মসকলে গুৰুত্বসহকাৰে চৰ্চা কৰিলেহে মাতৃভাষা তথা নিজৰ লিপি জিয়াই থাকিব।
তেওঁ অঁত গুৰু কল লাকু বদ্ৰাৰ জন্ম জয়ন্তীৰ পবিত্ৰ দিনটোত চৰকাৰী বন্ধ হিচাপে দিবলৈ অসম চৰকাৰক দাবী জনায়।