গুৱাহাটীঃ মহানগৰীৰ আঠগাঁও মাৰোৱাৰী হস্পিতালৰ দাতব্য ঔষধালয়ৰ ১০৬সংখ্যক বাৰ্ষিক সাধাৰণ সভা দেওবাৰে মাৰোৱাৰী চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সভাত মাৰোৱাৰী হস্পিতালৰ কাৰ্যকৰী সমিতিৰ সদস্য , হস্পিতালখনৰ clinical আৰু non-clinical কৰ্মচাৰীসকলৰ লগতে অন্যান্য লোকসকলো উপস্থিত আছিল।

চিকিৎসালয়খনৰ সভাপতি ৰমেশ গোয়েংকাই সভাখনৰ সভাপতিত্ব কৰে। তেওঁ ২০২১-২২ বৰ্ষৰ এক চমু কাৰ্যকলাপৰো এক খতিয়ান দাঙি ধৰে।

ৰমেশ গোয়েংকাই সদস্য আৰু অতিথিসকলক সম্বোধন কৰি কয়, “আমি ইমান বছৰধৰি বহুতো উত্থান-পতন দেখিছোঁ, কিন্তু কাৰ্যকৰী সমিতিৰ আমাৰ সদস্যসকল ইমান শক্তিশালী, তেওঁলোকে ইমান শক্তিশালীভাৱে কাম কৰিছে যে আমাৰ প্ৰতিষ্ঠানটো দিনে দিনে আগবাঢ়ি গৈছে। ”

লগতে তেওঁ কয়, ”চিকিৎসালয়খনৰ বিভিন্ন দিশৰ বিকাশৰ লগতে পুনৰ্নিমাণৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষ আৰু চিকিৎসকৰ এটা দল গঢ়ি তোলাটো আমাৰ প্ৰয়াস আছিল যি চিকিৎসালয়খনৰ দৈনন্দিন কাৰ্যকলাপ সুচাৰুৰূপে আৰু দক্ষতাৰে পৰিচালনা কৰিব পাৰে। এই প্ৰক্ৰিয়াটোত আমি সকলো বিভাগৰ বিশেষকৈ মানৱ সম্পদ বিভাগ(Human Resource Department) সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিছো আৰু আমাৰ প্ৰণালী আৰু প্ৰক্ৰিয়াবোৰ সুশৃংখল কৰি তুলিছো। চিকিৎসালয়ৰ সেৱাৰ উন্নতিৰ বাবে আমি এই দলটোক সুশৃংখল ভাৱে গঢ়ি তোলাৰ প্ৰয়াস কৰিছো। আমাৰ চিকিৎসালয়খন এখন দাতব্য চিকিৎসালয়, সেয়েহে দাতব্য সংস্থা হৈছে আমাৰ প্ৰথম অগ্ৰাধিকাৰ। কিন্তু একে সময়তে, আমি স্ব-বহনক্ষম হ’ব লাগিব। আমি প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ দৰে অন্যান্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰতো কাম কৰি আছো। আমি গ্ৰাম্য অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো আৰু সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টি কৰিছো।”

ৰমেশ গোয়েংকাই অদূৰ ভৱিষ্যতৰ বাবে চিকিৎসালয়খনে গ্ৰহণ কৰা কিছুমান নতুন পদক্ষেপৰ বিষয়েও বৰ্ণনা কৰে যাৰ ভিতৰত আছে চিকিৎসালয়ৰ সম্পূৰ্ণ ডিজিটেলকৰণ, Drug formulary system, ডায়েবেটিচ চেণ্টাৰ অফ এক্সেলেন্স, বন্ধ্যাত্ব আৰু আইভিএফ চেণ্টাৰ, নাৰ্চিং কলেজ, মালিগাঁও এলেকাত নতুন বিনামূলীয়া অ’পিডি স্থাপন, নাৰ্চিং হোষ্টেল নিৰ্মাণ। 

তেওঁ লগতে কয় যে অক্টোবৰ,২০২২ৰ প্ৰথম সপ্তাহত এমএছবিৰ তৃতীয় মহলাত এটা মডুলাৰ অ’টি কমপ্লেক্স স্থাপন কৰা হ’ব। 

লগতে তেওঁ উল্লেখ কৰে যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ অধীনত এক স্বায়ত্তশাসিত সংস্থা নেচনেল ব’ৰ্ড অৱ এক্সপেক’লজীয়ে চিকিৎসালয়খনত Family Medicine and Obstetrics and Gynaecology বিভাগৰ ২বছৰীয়া এমবিবিএছ ডিপ্ল’মা পাঠ্যক্ৰম আগবঢ়াবলৈও অনুমোদন জনাইছে লগতে ৬ টা পেৰা মেডিকেল ডিপ্ল’মা পাঠ্যক্ৰম অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰে এনঅ’চি প্ৰদান কৰিছে। 

সাধাৰণ সম্পাদক আৰ.এছ. যোশীয়ে সমাজৰ সদস্য সকল আৰু মাৰোৱাৰী চিকিৎসালয়ৰ দলটোক সকলো সময়তে অভূতপূৰ্ব সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি কয়, ”বিগত বৰ্ষবোৰত প্ৰতিদিনেই মোৰ বাবে নতুন নতুন অভিজ্ঞতা। অৱশ্যে, মই বহুতো সংগঠনৰ সৈতে জড়িত হৈ আছোঁ, কিন্তু মাৰোৱাৰী চিকিৎসালয়বোৰ আটাইতকৈ সন্মানীয়। মই মাৰোৱাৰী চিকিৎসালয়ৰ অংশ হোৱাৰ সৌভাগ্য অনুভৱ কৰোঁ যিসমাজক বিশেষকৈ দৰিদ্ৰ আৰু বঞ্চিত শ্ৰেণীক সুলভভাৱে উচিত মানদণ্ডৰ সেৱা প্ৰদান কৰি উন্নতি আৰু ইয়াৰ লক্ষ্য প্ৰাপ্ত কৰি আহিছে।”

এই সভাতে চিকিৎসালয়খনৰ ডিজিএম কমলা সিং দাসক বহুমুখী ক্ষেত্ৰত উদ্ভাৱনী গৱেষণাৰ বাবে আন্তৰ্জাতিক জাৰ্নেলত প্ৰকাশিত প্ৰমাণপত্ৰৰ বাবে বঁটা প্ৰদান কৰা হয়।

উক্ত সভাখনত ৰমেশ গোয়েঙ্কা আৰু সাধাৰণ সম্পাদক আৰ এছ যোশীৰ লগতে Immediate past President শৰৎ জৈন, উপ-সভাপতি ৰামৱতাৰ ভাৰতিয়া, যুঁটীয়া সচিব ৰাম স্বৰূপ খাকলিয়া আৰু সঞ্জয় কেদিয়া উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply