ৰঙিয়া : গৰুখুটিত সূচনা হ’ব কৃষি বিপ্লৱৰ। গৰুখুটিৰ বেদখলমুক্ত ভূমিত আৰম্ভ হ’ব কৃষি বিপ্লৱ।গৰুখুটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা অনা হৈছে গীৰ গাই। ১০৮ গৰাকী গীৰ গাই আজি আহি পাইছে অসম। গৰুখুঁটি কৃষি প্ৰকল্পৰ বাবে আনিবলগা ২ হাজাৰ জনী গীৰ গাইৰ ভিতৰত ১০৮ গৰাকী গীৰ গাই বৃহস্পতিবাৰে পুৱাই পালেহি অসম।

গৰুখুটি কৃষি প্ৰকল্পৰ বাবে প্ৰথম পৰ্যায়ত ১০৮ গৰাকী গীৰ গাই ৰেলযোগে ৰঙিয়াত আজি পুৱাতে উপস্থিত হোৱাৰ পিছত এই সমূহ ট্ৰাকযোগে গৰুখুটিত প্ৰকল্পত নিৰ্মাণ কৰা দুগ্ধ পামলৈ নিয়া হয়। গুজৰাটৰ পৰা অনা এই গীৰ গাই সমূহৰ তদাৰকৰ বাবে গুজৰাটৰ পৰা আহিছে এটি ৬ জনীয়া বিশেষজ্ঞৰ দল। এই জনীয়া বিশেষজ্ঞৰ দলটোৰ লগত আছে ১০ জন কর্মী।

লগতে পঢ়ক :  কৰ ফাঁকিৰে চলি আছে নাজিৰাৰ ব্যৱসায় প্ৰতিষ্ঠান

গৰুখুটি কৃষি প্ৰকল্পৰ বাবে ২ হাজাৰ গীৰ গাইৰ ভিতৰত প্ৰথম পৰ্যায়ত ৫ শ গীৰ গাই অসমলৈ অনা হ’ব। অসম চৰকাৰে গৰুখুঁটিৰ কৃষি প্ৰকল্পত এদিনত ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য আগত লৈ প্ৰথম পৰ্যায়ত ৩ লাখ লিটাৰ গাখীৰ উৎপাদন কৰিব। উল্লেখ্য যে ২৭ নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৰুখুটি পৰিদৰ্শন কৰি গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ল’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply