মানকাচৰ : মানকাচৰত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়। পুনৰ মানকাচৰত জব্দ ১১ টাকৈ পশুধন। আৰক্ষী আৰু বি এছ এফে ভাৰত-বাংলাদেশ সীমান্তৰ অঞ্চল সমূহত অব্যাহত ৰাখিছে পশুধন সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান।
বিগত দুটা দিনত আৰক্ষী আৰু বিএছএফে দুটা পৃথক স্থানত অভিযান চলাই মুঠ ১১ টা পশুধন উদ্ধাৰ কৰিছে। বুধবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত মানকাচৰৰ কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ অসম-মেঘালয় সীমান্তৱৰ্তী চাটিভূই এলেকাৰ পৰা কালাপানী আৰক্ষীয়ে তিনিটা চোৰাং গৰু জব্দ কৰে।
আৰক্ষীক দেখি চোৰাং গৰু সৰবৰাহকাৰী দলটো পলায়ন কৰে যদিও আৰক্ষীয়ে গৰু কেইটা জব্দ কৰি খোৱাৰাত জমা কৰে। আনহাতে সুখচৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ছালাপাৰা বিএছএফ কেম্প এলেকাৰ পৰা সীমান্ত সুৰক্ষা বাহিনীয়ে মুঠ ৮ টা পশুধন জব্দ কৰি সুখচৰ আৰক্ষীৰ হাতত গতাই দিয়ে।
লগতে পঢ়ক : মকনকাচৰত পোষণ মাহ উপলক্ষে থলুৱা খাদ্যৰ প্ৰদৰ্শনী
বিএছএফে জব্দ কৰা ৮ টা পশুধনৰ ভিতৰত ৪ টা গৰু আৰু ৪ টা ম’হ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে চোৰাং গৰু ব্যৱসায়ৰ বিৰুদ্ধে জিলা আৰক্ষীয়ে জিলাখনৰ প্ৰতিখন থানাত কঠোৰ হ’বলৈ নিৰ্দেশ দিয়াৰ পছতো আৰক্ষীয়ে ভাল ফলাফল দেখুওৱাব পৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।