যোৰহাট : দেশত ক্ৰমাৎ অধিক ভয়াবহ হৈ উঠিছে ক’ভিডৰ সংক্ৰমণ। লক্ষাধিক লোক প্ৰতিদিনে দেশত কভিডৰ কবলত পৰিছে। অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে বহু লোকে। ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে দেশত। ভাৰতত ক’ভিডৰ সংক্ৰমণ সকলো অভিলেখ ভংগ কৰিছে।
যোৱা ৯ দিন ধৰি ভাৰতত প্ৰতিদিনে ৩ লাখ লোক কভিডত আক্রান্ত হৈ থকাৰ মাজতে শুকুৰবাৰৰ দিনটোত সৰ্বাধিক ৪,০১,৯৯৩ জন লোক দেশত আক্রান্ত হয় ক’ভিডত। যোৱা ২৪ ঘন্টাত দেশত মৃত্যুৰ মুখত পৰে ৩,৫২৩ জনকৈ লোক। দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ পৰিস্থিতি বৰ্তমানলৈকে নিয়ন্ত্ৰণত আছে যদিও সংক্ৰমণৰ হাৰৰ লগতে মৃতকৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আছে।
ৰাজ্যত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে যদিও এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই যোৰহাট জিলা। যোৰহাটত ক্ৰমাৎ জটিলৰ দিশে গতি কৰিছে ক’ভিড পৰিস্থিতিয়ে। শুকুৰবাৰৰ দিনটোৰ যোৰহাটত কভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে চাৰিজনকৈ লোক।
বৰ্তমানলৈকে জিলাখনত কভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১১ জন। চৰকাৰ-প্ৰশাসনে জিলাখনত কভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাইজক মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আছে। ইয়াৰ মাজতো একাংশ লোকে চৰকাৰৰ এই আহ্বানক সঁহাৰি নজনোৱা পৰিলক্ষিত হৈছে। ফলত জিলাখনত ক’ভিড পৰিস্থিতি ভয়াবহ দিশে গতি কৰিছে।