গুৱাহাটী : বিজেপি,।অসম প্ৰদেশে ক’ভিড মহামাৰীৰ সময়ত ৰাজ্য চৰকাৰৰ সহায়ক হোৱাকৈ মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ১১ লাখ টকাৰ বিত্তীয় সাহাৰ্য আগবঢ়ায়।
দিছপুৰত অনুষ্ঠিত বিজেপি, অসম প্ৰদেশৰ বিষয়ববীয়া সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাস সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, সাংসদ্বয় তপন গগৈ আৰু পল্লৱ লোচন দাস, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীৰ লগতে ৰাজ্যিক বিষয়ববীয়াসকল উপস্থিতিত উক্ত ধনৰাশি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে।
লগতে পঢ়ক : কামপুৰৰ চিগনেছাৰ প্ৰজেক্টৰ পথ নিৰ্মানত দুৰ্নীতিৰ অভিযোগ
এই মহামাৰীৰ সন্ত্ৰাসৰ সময়ত জনসাধাৰণৰ সহায়ক হোৱাকৈ ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক উক্ত ধনৰাশি প্ৰদান কৰি সভাপতি ৰণজিত কুমাৰ দাসে অত্যন্ত গৌৰৱ অনুভৱ কৰিছে বুলি প্ৰকাশ কৰে।