ডিব্ৰুগড় : ক’ভিডত আক্রান্ত হৈ এটি ১১ মহীয়া শিশুৰ মৃত্যু। ডিব্ৰুগড়ত ক’ভিডত আক্ৰান্ত হৈ ১১ মহীয়া শিশুটি মৃত্যুৰ মুখত পৰে। অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল শিশুটি।
ক’ভিডৰ দ্বিতীয়টো ঢৌ কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও বর্তমানেও বহু লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে। এইবাৰ শিশু সকলৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে ক’ভিডৰ সংক্ৰমণ। ইতিমধ্যে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বহু শিশু ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে।
ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা এটি শিশু দেওবাৰে মৃত্যুৰ মুখত পৰে। অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা এটি ১১ মহীয়া শিশু মৃত্যুৰ মুখৰ পৰে। শিশুটি তীব্ৰ জ্বৰ আৰু শ্বাস-প্ৰশ্বাসত কষ্ট পাই আছিল।
লগতে পঢ়ক : ছিপাঝাৰৰ খাৰখোৱাপাৰা প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা
ক’ভিড পৰীক্ষা কৰাৰ পিছত শিশুটি ক’ভিড আক্রান্ত বুলি ধৰা পৰাৰ পিছতে শিশুটিক চিকিৎসা প্ৰদান কৰা হয় যদিও দেওবাৰে শিশুটিৰ মৃত্যু ঘটে। উল্লেখ্য যে যোৱা ২ জুনৰ পৰা বৰ্তমানলৈকে অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড আক্ৰান্ত হৈ ৫ টি শিশুৰ মৃত্যু ঘটিছে। অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে জানিবলৈ দিয়ামতে, এ এম চিত বৰ্তমানলৈকে ক’ভিড-১৯ত প্ৰায় এশৰো অধিক শিশু আক্ৰান্ত হৈছে। এই পৰ্যন্ত অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিডত আক্ৰান্ত হৈ ৮ গৰাকী শিশু চিকিৎসাধীন হৈ আছে।
ক’ভিডত আক্ৰান্ত আটাইকেইগৰাকী শিশুৰ বয়স ১২ বছৰৰ ভিতৰৰ বুলি জনাইছে এ এম চিৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে। ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ১০ গৰাকী শিশুৰ ভিতৰত অনুৰণন মহন আৰু অনুপ্ৰাণিত মহন নামৰ দুই শিশু দেওবাৰে আৰোগ্য লাভ কৰিছে। শেহতীয়াকৈ চিকিৎসাধীন হৈ থকা ৮ গৰাকী শিশুৰ ভিতৰত তিনিগৰাকী শিশুৰোগ বিভাগৰ ক’ভিড আইছ’লেশ্যন ৱাৰ্ডত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২ গৰাকী পেয়িং কেবিনত আৰু ৩ গৰাকী শল্য চিকিৎসা বিভাগৰ ভৱনত চিকিৎসাধীন হৈ আছে ক’ভিড আক্ৰান্ত শিশু।
ইফালে যোৱা ১৬ দিনত যোৰহাটত ১৮ বছৰ তলৰ প্ৰায় ২০০ শিশু ক’ভিড আক্ৰান্ত হৈছে। বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ১৮ বছৰ বয়সৰ তলৰ ৫ টি শিশু চিকিৎসাধীন হৈ আছে। বাকী অধিকাংশ শিশু হোম আইছলেচনত আছে। ইয়াৰে বহুকেইটা শিশু ইতিমধ্যে আৰোগ্য লাভ কৰিছে। যোৰহাটত বৰ্তমানলৈকে কোনো শিশুৰ এই পয্যায়ন্ত ক’ভিডত মৃত্যু হোৱা নাই বুলি জানিবলৈ দিয়ে যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে।