ৰূপহীহাট : জুৰীয়া আৰক্ষীৰ অভিযানত আটক হ’ল জাগীৰোড ৰেল ষ্টেচনৰ পৰা পলায়ন কৰা ১১ জন যাত্ৰী। কেৰেলাৰ পৰা ৰেলেযোগে আহি জাগীৰোডত নামি পলায়ন কৰা যাত্ৰী সকলৰ ভিতৰত আছিল এই ১১ জন যাত্ৰী।

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভয়াবহ ক’ভিড পৰিস্থিতিৰ মাজতে কেৰেলাৰ পৰা ৰেলেযোগে আহি জাগীৰোডত নামি পলায়ন কৰিছিল বৃহৎ সংখ্যক যাত্ৰী। ৰেপিড এন্টিজেন টেষ্ট সম্পন্ন নকৰাকৈ পলায়ন কৰা যাত্ৰী সকলক বিচাৰি অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে।

ৰেলৰ পৰা নামি পলায়ন কৰা যাত্ৰী সকলৰ তথ্য সংগ্ৰহ কৰি নগাঁও আৰক্ষীৰ লগতে জুৰীয়া আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই জুৰীয়াৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে ১১ জনকৈ যাত্ৰীক৷ আৰক্ষীয়ে অন্যান্য যাত্ৰী সকলৰো সন্ধানত অভিযান অব্যাহত ৰাখিছে।

আৰু পঢ়কঃ ”সকলো ক্ৰিয়াৰে বিপৰীত প্ৰতিক্ৰিয়া থাকে”: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

আৰক্ষীৰ অভিযানত আটক হোৱা লোক সকলৰ নাম হৈছে ছাহজাহান আলী, ফাৰুক হোছেইন, এছাদুল হক, ইছাদুল ইছলাম, ইনামুল হক, ছাদ্দাম হোছেইন, আব্দুল ৰহিম, ইন্তাজুল হক, মোস্তাকিন আলম, আনচাৰুল হক আৰু আনচাৰুল ইছলাম। উল্লেখ্য যে প্ৰায় চাৰি শতাধিক যাত্ৰী জাগীৰোড ৰে’ল ষ্টেচনৰ পৰা পলায়ন কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply