গুৱাহাটী : অসমত এই পৰ্য্যন্ত ১৮ বছৰৰ ওপৰৰৰ ১১ শতাংশ লোকে দুই পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে, স্বাস্থ্য মন্ত্ৰী কেষৱ মহন্তই মঙলবাৰে এই কথা সদৰী কৰে।
ৰাজ্যত বৰ্তমান পৰ্য্যাপ্ত পৰিমাণৰ ক’ভিড প্ৰতিষধক মজুত আছে বুলি উল্লেখ কৰি মন্ত্ৰী জনে সকলোকে প্ৰতিষেধক ল’বলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
আজি এখন সংবাদমেল সম্বোধন কৰি মহন্তই কয়, ‘আজি পৰ্য্যন্ত ১.১৮ কোটি লোকে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ বিপৰীতে ২৫.২১ লাখ লোকে তেওঁলোকৰ দ্বিতীয়টো পালি গ্ৰহণ কৰিছে।’
সেই হিচাপত ৫১ শতাংশ লোকে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ বিপৰীতে ১১ শতাংশ লোকে দুয়ো পালি প্ৰতিষেধ গ্ৰহণ কৰিছে বুলি তেওঁ কয়।
ইয়াৰ পূৰ্বে মন্ত্ৰীজনে অসম বিধানসভাত জনোৱা মতে ৰাজ্যৰ মুঠ ৩.৫০ কোটি জনসংখ্যাৰ ২.৩৭ কোটি ১৮ বছৰৰ ওপৰৰ আৰু তেওঁলোক ভেকচিনৰ বাবে উপযুক্ত।
মহন্তই লগতে জনাই যে ৰাজ্যত বৰ্তমান প্ৰতি দিনে ২.৫০ লাখৰ পৰা ৩ লাখ লোকক ভেকচিন প্ৰদান কৰি থকা হৈছে।
লগতে পঢ়ক : আই আই টি গুৱাহাটীৰ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত ছাত্ৰক জামিনত মুকলি