নাৰায়নপুৰ: পঞ্জাৱত অহা ১১ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট প্ৰতিযোগিতা। ৰাজ্যখনৰ জি.এইচ.জি.খালচা মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত অসমক প্ৰতিনিধিত্ব কৰিবৰ বাবে ইতিমধ্যে অসম পেঞ্চাক চিলাট এছ’চিয়েশ্ব্যনৰ যুটীয়া সম্পাদক গগণ চন্দ্ৰ বড়ো আৰু মুখ্য প্ৰশিক্ষক এলবিষ্টন মাৰাকৰ নেতৃত্বত ২৪ জনীয়া অসম দলটো ৰাওনা হৈছে।
অহা ১০ মাৰ্চত চণ্ডীগড়ত উপস্থিত হ’ব লগা অসম দলটোত মেহবুব ৰহমান, ভাস্কৰজ্যোতি ডেকা, ডিম্পল ৰাভা, মংগল বসুমতাৰী, অচ্যুত বড়ো, দিব্যজিৎ নেওগ, দিবাকৰ ৰাভা, গোবিন্দ ৰাভা, ছলমান হুছেইন, জুবিন ৰাভা, ডিলাইট মাৰাকে পুৰুষ শাখাত আৰু প্ৰেৰণা হাজৰিকা, জোনমণি মুছাহাৰী, লাকী দাস, পঞ্চী বৰগোহাঁই, চান্দনী খাতুন, ৰাপছে এন.চাংমা, সুস্মিতা ৰাভা, অঙ্কিতা ৰাভা, চিল্পা ৰাভাই মহিলা শাখাৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
এই কথা সদৰি কৰে অসম পেঞ্চাক চিলাট এছ’চিয়েশ্ব্যনৰ প্ৰতিস্থাপক সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলেয়ে জানিব দিছে। অসম দলটোৰ সৈতে একেলগে মেঘালয়ৰ খেলুৱৈৰ দলটোও ৰাওনা হৈছে প্ৰতিযোগিতাখনৰ বাবে।