গুৱাহাটী : মহানগৰীত সংঘটিত হৈছে পুনৰ এক হত্যাকাণ্ড। বৰাগাঁৱৰ গোসাইগাঁৱত ১১ বছৰীয়া কিশোৰীৰ হত্যা। পিতৃয়ে কিশোৰী গৰাকীক হত্যা কৰাৰ সন্দেহ। কিশোৰী গৰাকীৰ পিতৃ পলাতক অৱস্থাত আছে।

বৰাগাঁৱৰ গোসাইগাঁৱত আশা বড়ো নামৰ এগৰাকী ১১ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোত। সোমবাৰে নিশাৰ ভাগত আশা বড়ো নামৰ কিশোৰী গৰাকীৰ মাতৃ কামৰ পৰা ঘৰলৈ উভতি আহি ঘৰৰ ভিতৰত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

কিশোৰী গৰাকীৰ মাতৃ পাৰ্বতী বড়োৱে ঘৰৰ ভিতৰত কন্যাৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। গড়চুক আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। কিশোৰী গৰাকীৰ পিতৃ বলবাহদুৰ ওৰফে বলেনে কিশোৰী গৰাকীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

লগতে পঢ়ক  : মাজুলীত আৰক্ষীৰ জালত ভুৱা চিকিৎসক

ঘটনাৰ পিছৰে পৰা কিশোৰী গৰাকীৰ পিতৃ বলবাহদুৰ ওৰফে বলেনে পলাতক অৱস্থাত আছে। আৰক্ষীয়ে কিশোৰী গৰাকীৰ মৃতদেহৰ কাষত ৰছী আৰু সুৰাৰ বটল উদ্ধাৰ কৰিছে। বলবাহদুৰ ওৰফে বলেনে সুৰাৰ ৰাগীত কন্যা আশা বড়োৰ হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply