অসম চৰকাৰে বিহুৰ জৰিয়তে বিশ্ব ৰেকৰ্ড গঢ়াৰ সন্দৰ্ভত ইতিমধ্যে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্ত সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰি মন্তব্য কৰে।

তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ১৪ এপ্ৰিলত এই ৰেৰ্কড গঢ়ি তোলা হ’ব।

অসমৰ বিভিন্ন জিলাৰ বিহুৱা-বিহুৱতী শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। অসমৰ প্ৰতিখন জিলাৰ পৰা ৭০ গৰাকী বিহুৱতী, ৩০ জনকৈ ঢুলীয়াই অংশ ল’ব পাৰিব।

আনহাতে, অহা ১ মাৰ্চৰ পৰা এমাহৰো অধিক সময় প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ’ব। কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব মাষ্টাৰ প্ৰশিক্ষণ।

ইতিমধ্যে ইয়াৰ বাবে বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা বিহুৱা- বিহুৱতীয়ে অগ্ৰাধিকাৰ লাভ কৰিব। ১ মাৰ্চত প্ৰদৰ্শন হ’ব মাষ্টাৰ ট্ৰেইনাৰৰ বিহুনৃত্য।

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি এগৰাকী বিহুৱা, বিহুৱতীয়ে সাজপাৰৰ বাবে ধন লাভ কৰিব। তেওঁলোকক সাজ-পাৰৰ বাবে ৩ হাজাৰ টকা প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰিও গুৱাহাটীক বাদ দি অন্যান্য জিলাত এগৰাকী বিহুৱা, বিহুৱতীয়ে এদিনত লাভ কৰিব ৩০০ কৈ টকা। গুৱাহাটীৰ বিহুৱা, বিহুৱতীয়ে লাভ কৰিব ১০০০ কৈ টকা। এইদৰে এগৰাকী বিহুৱা, বিহুৱতীৰ নামত চৰকাৰে খৰচ কৰিব ১০, ৫০০ টকা।

আৰু মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে, ১৪ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া এই অনুষ্ঠানলৈ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপালকো নিমন্ত্ৰণ জনোৱা হ’ব। ইয়াৰ বাবে প্ৰতিজন মন্ত্ৰীয়ে অন্যান্য ৰাজ্যসমূহ ভ্ৰমণ কৰি সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক নিমন্ত্ৰণ জনাবগৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply