নিউজ ডেস্কঃ ১৪ এপ্ৰিলত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে নাচিব লগীয়া নাচনী, ঢুলীয়া বাবে কামৰূপ মহানগৰ প্ৰশাসনৰ বিশেষ তৎপৰতা।
সেই পৰিকল্পনা সফল কাৰ্য্যকৰী কৰাৰ উদ্দেশ্যে শুক্ৰবাৰে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ড০ ধ্ৰুৱজ্যোতি হাজৰিকাই হোটেল আৰু ৰেষ্টুৰেণ্ট সংস্থাৰ বিষয় ববীয়া আৰু জিলাখনৰ হোটেল-ৰেষ্টুৰেণ্টসমূহৰ মালিক – প্ৰৱন্ধকসকলৰ সৈতে এখন সভা অনুষ্ঠিত কৰে।
বিভিন্ন জিলাৰ পৰা আহিবলগীয়া নাচনী, ঢুলীয়া সকলৰ কোনো যাতে কোনো অসুবিধা নহয় তাৰ বাবে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে সকলো হোটেল ঢুলীয়া – নাচনী ৰখাৰ সু-ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।