আমিনগাঁও : দেশৰ ১৮ বছৰৰ উৰ্ধৰ প্ৰতি গৰাকী লোককে ক’ভিডৰ প্ৰতিষেধক ছিটা প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ আজিৰ পৰা আৰম্ভ কৰা বিশেষ বিনামূলীয়া টীকাকৰণ অভিযানৰ অংশৰূপে কামৰূপ জিলাতো আজি বিনামূলীয়া ছিটা প্ৰদানৰ মহাঅভিযান আৰম্ভ কৰা হয়। প্ৰতিদিনে ১০,০০০ হাজাৰ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যত উপনীত হ’বলৈ জিলাখনত ১১১টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হৈছে।

জিলাখনত থকা ১২ টা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে। সেই অনুসৰি আজিৰ দিনটোত উল্লেখযোগ্য সফলতাৰে নিৰ্ধাৰিত লক্ষ্যতকৈও অধিক প্ৰতিষেধক প্ৰদান কৰিবলৈ জিলা স্বাস্থ্য বিভাগ সক্ষম হৈছে। বাতৰি যুগুতোৱাৰ পৰলৈকে সংগৃহীত তথ্য মতে আজি জিলাখনত এতিয়ালৈ অভিলেখক সংখ্যক ১১,৬৮৯ হাজাৰ লোকক টীকাকৰণ কৰা হৈছে।

আৰু পঢ়কঃ কামপুৰৰ কঠীয়াতলী শগুণবাহীৰ কিশোৰী সন্ধানহীন

আনহাতে জিলাখনত এতিয়ালৈ সৰ্বমুঠ ৩,৩২,৯৬৭ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰে ২,৭৫,৬১৫ গৰাকীয়ে প্ৰথম পালি আৰু ৫৭,৩৫২গৰাকীয়ে দ্বিতীয় পালি ছিটা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে জিলাখনত ক’ভিডৰ সংক্ৰমণ ক্ৰমান্বয়ে নিয়ন্ত্ৰণাধীন হৈ আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply