গুৱাহাটীঃ ৰাজ্যত কৰ’না ত্ৰাসৰ মাজতে অক্সিজেনৰ নাটনি নহ’বৰ বাবে মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত শুকুৰবাৰে অক্সিজেন প্লান্ট মুকলি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
এইয়া ৰাজ্যৰ ১১ সংখ্যক অক্সিজেন প্লান্ট। প্লান্টৰ জৰিয়তে নিতৌ ১০০ টাকৈ অক্সিজেন চিণ্ডাৰ ভৰ্তি কৰিব পৰা যাব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
এই অক্সিজেন প্লান্টটোৰ জৰিয়তে প্ৰতিদিনে .৯ মেট্ৰিকটন অক্সিজেন উৎপাদন কৰিবলৈ সক্ষম হ’ব।
উৎপাদিত অক্সিজেনৰ জৰিয়তে প্ৰতিদিনে ১০০ টাকৈ জাম্ব’ চিলিণ্ডাৰ ভৰ্তি কৰিব পৰা যাব বুলি জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে ।
উল্লেখ্য যে, ২৮ এপ্ৰিলৰ দিনা ডিব্ৰুগড় জিলাত ২ টা নতুন অক্সিজেন প্লাণ্টৰ উদ্বোধন কৰা হৈছিল। ইয়াৰ পূৰ্বে ৰাজ্যত ৮ টা অক্সিজেন প্লাণ্ট আছিল। আৰু আজিৰ টোৰ সৈতে অসম ৰাজ্যত মুঠ ১১অক্সিজেন প্লাণ্ট হয়।
ইফালে শিলচৰত আগন্তুক দুদিনৰ ভিতৰত শিলচৰত নতুন দুটা অক্সিজেন প্লান্ট উদ্বোধন কৰা হ’ব । এই প্লান্টটো উদ্বোধন কৰাৰ পিছতে অসমত অক্সিজেন প্লান্টৰ সংখ্যা হ’ব ১৩ টা । এই কথা সদৰি কৰে মন্ত্ৰী শৰ্মাই ।