নিউজ ডেস্ক : ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলবোৰৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। বৃহস্পতিবাৰে মুঠ ১২ জন প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখি কৰে।
মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত গোঁসাইগাঁও আৰু ভবানীপুৰ সমষ্টি বাদে বাকী সকলো সমষ্টিত বিজেপি মৃত্ৰজোঁটে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিব বুলি দাবী মন্তব্য কৰে। গোঁসাইগাঁও আৰু ভবানীপুৰ সমষ্টি দুটাত যুঁজ আকৰ্ষণীয় হ’ব বুলি তেওঁ ইংগিত দিয়ে।
২৮ নং গোঁসাইগাঁৱও সমষ্টিত ইউ পি পি এলৰ জীৰণ বসুমতাৰী, বি পি এফৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, এ আই ইউ ডি এফৰ খাইৰুল আলম খণ্ডকাৰ, কংগ্ৰেছৰ জুৱেল টুডু আৰু হাৰকিউলিয়াছ বসুমতাৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে।
৪১ নং তামুলপুৰ বিধানসভা সমষ্টিত বিজেপিৰ টিকট বঞ্চিত ইমানুৱেল মুছাহাৰী, আৰু আন এগৰাকীয়ে নিৰ্দলীয় প্ৰাৰ্থীৰ লগতে ইউ পি পি এলৰ জলেন দৈমাৰী আৰু কংগ্ৰেছৰ ভাস্কৰ দাহালে মনোনয়ন দাখিল কৰে।
একেদৰে ১০১ নং থাওৰা সমষ্টিত চি পি আইৰ কৃষ্ণ গগৈ, ৰাইজৰ দলৰ হৈ ধৈৰ্য কোঁৱৰ আৰু নিৰ্দলীয় প্ৰাৰ্থী লোহিত গোৱালাই মনোনয়ন দাখিল কৰে। ৰাইজৰ দল নিৰ্বাচনী আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত নোহোৱাত ধৈৰ্য কোঁৱৰেও নিৰ্দলীয় হিচাপেই মনোনয়ন দাখিল কৰে।
শুকুৰবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন। আজি থাওৰাত কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰ, বিজেপিৰ সুশান্ত বৰগোহাঁই, মৰিয়নিত বিজেপিৰ ৰূপজ্যোতি কুৰ্মী, ভৱানীপুৰত ফণীধৰ তালুকদাৰ আদিয়ে মনোনয়ন দাখিল কৰিব।
থাওৰা, মৰিয়নি আৰু ভৱানীপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকিব মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
লগতে পঢ়ক : গৰুখুটি উচ্ছেদ অভিযান : চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ