গুৱাহাটী : সামাজিক মাধ্যামত তালিবানক সমৰ্থন কৰি বিপদত পৰিল ১৪ জনকৈ লোক। সাৱধান হ’ব। তালিবানক সমৰ্থন নকৰিব৷ সন্ত্ৰাসবাদী তালিবানক সমৰ্থন কৰাৰ বাবে গ্ৰেপ্তাৰ হ’ল অসমৰ ১৪ জনকৈ লোক৷
বিশ্বত্ৰাস তালিবানলৈ সমৰ্থন জনোৱাৰ অপৰাধত অসমৰ ১৪ জনকৈ লোকক গ্ৰেপ্তাৰ। অসমৰ ১০ খন জিলাৰ ১৪ জনলৈ লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে৷ এই ১৪ জন লোকে সামাজিক মাধ্যমত তালিবানক সমৰ্থন জনাইছিল।
লগতে পঢ়ক : ক’ভিড পৰিস্থিতিকলৈ উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰীয়ে জন আশীৰ্বাদ যাত্রাৰ জনসমাগম সম্পৰ্কে নিদিলে কোনো উত্তৰ
গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে হাইলাকান্দি জিলাৰ এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ।
তেজপুৰ মেডিকেল কলেজত অধ্যয়নৰত আছিল ছাত্ৰজন৷ আনহাতে দুজন মৌলানাকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।বিদেশত থকা আন তিনিজন লোকৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে।