নিউজ ডেস্ক : সংসদৰ শীতকালীন অধিৱেশনত ‘অমাৰ্জিত আচৰণ আৰু বিশৃংখল’ পৰিস্থিতি সৃষ্টি কৰাৰ বাবে ১২ গৰাকী ৰাজ্যসভাৰ সাংসদক অধিৱেশনৰ বাকী থকা দিনকেইটাৰ পৰা বহিষ্কাৰ কৰা হয়।

বহিষ্কৃত ১২ গৰাকী সাংসদৰ ভিতৰত ৰিপুন বৰাসহ ৬ গৰাকী কংগ্ৰেছী সাংসদো আছে।

সাংসদসকলক হৈছে কংগ্ৰেছৰ ৰিপুন বৰা, ফুলো দেবী নেটাম, চায়া বাৰ্মা, ৰাজামণি পাটেল, চয়েদ হুছেইন, অখিলেশ সিং, চি পি এমৰ এলামৰম কাৰিম, চি পি আইৰ বিনয় বিশ্বম, তৃণমূল কংগ্ৰেছৰ ডোলা সেন আৰু শান্তা চেত্ৰী, শিৱ সেনাৰ প্ৰিয়ংকা চতুৰ্বেদি আৰু অনিল দেশাই।

আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত যোৱা এবছৰ ধৰি কৃষকসকলে প্ৰতিবাদ কৰি অহা কৃষি আইন প্ৰত্যাহাৰৰ বিধেয়ক গৃহীত কৰাৰ সময়ত বিৰোধীয়ে আলোচনাৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ চায়া বাৰ্মায়ে সাংসদসকলক শীতকালীন অধিৱেশনৰ পৰা বহিষ্কাৰৰ সিদ্ধান্তক ‘অনুচিত আৰু অসংগত’ বুলি আখ্যা দিছে।

লগতে পঢ়ক : ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সংবাদমেল সম্বোধন কৰি বিস্ফোৰণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply