নিউজ ডেস্ক: ৰাজ্যত পুনৰ খাদ্যৰ বিষক্ৰিয়াৰ বাবেই কৰুণভাৱে মৃত্যুক আঁকােৱালি ল’লে দুষ্প্ৰাপ্য প্ৰজাতিৰ ১২ টাকৈ শগুনে।ঘটনাৰ স্থান এইবাৰ গুৱাহাটী বিমানন্দৰৰ সমীপৱৰ্তী ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বৰপ্ৰতিমা গাঁও।
দেওবাৰে বিয়লি এটা মৃত ছাগলীৰ মাংস ভক্ষণ কৰি ১২ টা বিলুপ্তপ্ৰায় হিমালয়ান গ্ৰিফান প্ৰজাতিৰ শগুনৰ মৃত্যু হয়।
স্থানীয় গাওবাসীৰ মতে, কােনাে লােকাে গাঁওখনৰ পথাৰত দুপৰীয়া এটা মৃত ছাগলী পেলাই থৈ গৈছিল। ছাগলীটোৰ মাংস খাই ১২টা শগুন ওচৰতে পৰি থকা দেখি ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ত অবগত কৰে।

আৰু পঢ়কঃ সুৰাৰ বিপনী স্থানান্তৰ কৰা দাবীত বিশ্বনাথৰ বিহালীত স্থানীয় লোকৰ তীব্ৰ প্ৰতিবাদ

ৰাণীৰ বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মন, পশু চিকিৎসা বিষয়া ডাঃ নাৰায়ণ দেউৰী আৰু শগুন গৱেষণা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ এছ শচীনসহ এটা বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হয়।দলটোৱে মৃত শগুনকেইটা লৈ আনে আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত ৰাণী বনাঞ্চলৰ ভিতৰত পুতি থয়। পশু চিকিৎসা বিষয়া ডাঃ নাৰায়ণ দেউৰীয়ে ছাগলীটো বিষক্ৰিয়াত আক্ৰান্ত হৈছিল বাবে তাৰ মাংস ভক্ষণ কৰি শগুনকেইটাৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে।

এই ঘটনাৰ সৈতে আন কিবা লক্ষ্যণ থাকিব পাৰে নেকি তাৰ বাবে অধিক পৰীক্ষাৰ কৰিবলৈ শগুনকেইটাৰ দেহৰ অৱশিষ্ট সংগ্ৰহ কৰা হৈছে।পলাশবাৰী থানাৰ এটা দলে বনকৰ্মীৰ উপস্থিতিত ঘটনাস্থলীলৈ গৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে এই সন্দৰ্ভত নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply