নগাঁও: চুমিলা ৰাহাংপী নামৰ এগৰাকী কিশোৰী নৰ পিশাচৰ জিঘাংসাৰ বলি হোৱা ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । নৃশংস হত্যাকান্ডত জড়িতক ফাষ্টচ্ৰেক আদালতৰ জড়িয়তে বিচাৰ কৰি অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে ৰাজ্যৰ বিভিন্ন দল সংগঠনে ।
ৰাজ্য কপোৱা ৰহাত ১২বছৰীয়া কিশোৰী চুমিলা ৰংহাংপিৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত আজি নগাঁও মহাবিদ্যালয়ৰ মতিৰাম বৰা ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ।
আৰু পঢ়কঃ ন্যায়ালয়ৰ ৰোসত পৰাৰ পিছতে কঠোৰ হৈছে নিৰ্বাচন আয়োগ
নাবালিকা চুমিলা ৰংহাংপিৰ হত্যাকাণ্ডটোৰ লগত জড়িত প্ৰকাশ বৰঠাকুৰ, পুত্ৰ নয়নমণি বৰঠাকুৰ আৰু ৰিনা বৰঠাকুৰক ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি দোষীক ৰায়দান নোহোৱা পৰ্যন্ত অভিযুক্তক ন্যায়িক জিম্মাত ৰখাৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম প্ৰগতিশীল নাৰী সন্থা, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, কাৰ্বি প্ৰগতিশীল নাৰীসন্থাকে ধৰি মুঠ ৬টাকৈ সংগঠনে।
এই প্ৰতিবাদী কাৰ্যসূচীটোত হত্যাকাণ্ডটোৰ পাছত সংঘটিত হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত গ্ৰেপ্তাৰ কৰা লোকসকলক অতিশীঘ্ৰে বিনাচৰ্তে মুক্তি দিয়াৰো প্ৰতিবাদী কাৰ্যসূচীটোত দাবী কৰে সংগঠনটোৱে।
ৰাজ্যজুৰি প্ৰতিবাদ হোৱাৰ পিছত কালি ৰাজ্য চৰকাৰে এজনীয়া তদন্ত আয়োগ গঠন কৰিছে । মলয় বৰাৰ নেতৃত্বত গঠন হোৱা তদন্ত কমিটিক ৩০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে ।
ৰহা আৰক্ষীয়ে ভাৰতীয় দন্ডবিধি আইনৰ অধীনত ৯৭/২১ নম্বৰত ১২০(বি),৩০২ ধাৰাত গোচৰ ৰুজু কৰিছে ।
আৰু পঢ়কঃ নগাওঁ কাগজ কলত চোৰৰ তাণ্ডৱ!আটক ৫