গুৱাহাটী : ৰাজ্যজুৰি অব্যাহত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছমুক্ত অসমৰ সংকল্প লৈ অসম আৰক্ষীয়ে ৰাজ্যৰ চুকে কোনে চলাই গৈছে বিৰোধী অভিযান। ইতিমধ্যে কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে। বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰ আৰক্ষীয়ে গুৱাহাটীত ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে বিগত এমাহত মহানগৰ আৰক্ষীয়ে ১২১ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এমাহত মহানগৰ আৰক্ষীয়ে ১২১ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ লগতে ৩ কেজি হেৰ’ইন, ৪ হাজাৰ কফ ছিৰাপ, ৪ গ্রাম ক’কেইন, ৮.৫ হাজাৰ য়াবা টেবলেট, ১২.৫ কেজি গাঞ্জা, ড্ৰাগছ সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা ২০ খন গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক : ভাদ মহীয়া বানত ডুবিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭০ শতাংশ অঞ্চল
ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে মণিপুৰ আৰু দিল্লীৰ পৰাও ড্ৰাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিছে৷ মহানগৰ আৰক্ষী জিম্মাত থকা ড্ৰাগছ সৰবৰাহকাৰী সকলক অধিক তথ্যৰ বাবে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষী আয়ুক্ত হৰমিত সিঙে এক সংবাদ মেল অনুষ্ঠিত কৰি মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ এমাহৰ সাফল্য দাঙি ধৰে।