নিউজ ডেস্ক: দক্ষিণ কামৰূপৰ ছয়গাঁৱত শতাধিক শগুণৰ মৃত্যুয়ে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে নিশা ছয়গাঁৱৰ মিলনপুৰত ১২৪ টা দুষ্প্ৰাপ্য হিমালয়ান শগুণৰ অস্বাভাৱিক মৃত্যু ঘটে।
ইমান সংখ্যক শগুণৰ কি কাৰণত মৃত্যু ঘটিল তাৰ প্ৰকৃত কাৰণ এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই যদিও বিষক্ৰিয়াৰ ফলতে শগুণ বিলাকৰ অস্বাভাৱিক মৃত্যু ঘটা বুলি স্থানীয় লোকৰ লগতে বন বিভাগে সন্দেহ কৰিছে।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছত পশ্চিম কামৰূপ বন সংমণ্ডলৰ আঞ্চলিক বিষয়াসহ বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃত শগুণ বিলাকৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
মৰা শ ভক্ষণত বিষক্ৰিয়াৰ ফলত শগুণ কেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰি বন বিভাগে অঞ্চলটোৰ লোকসকলক বিষক্ৰিয়া প্ৰয়োগ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে উক্ত শগুণসমূহৰ মৃত্যুৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে দক্ষিণ কামৰূপকে ধৰি অসমৰ বিভিন্ন স্থানত সময়ে সময়ে বিষক্ৰিয়াৰ ফলত বিলুপ্তপ্ৰায় প্ৰজাতিৰ শগুণৰ মৃত্যু ঘটি অহা বিষয়টোৱে সচেতন মহলক চিন্তিত কৰি তুলিছে।
লগতে পঢ়ক – মল্লযুঁজ প্ৰশিক্ষকৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ বোকাখাতৰ দুই প্ৰশিক্ষকৰ