গুৱাহাটী : দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো ভয়াবহভাৱে বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণৰ হাৰ। নৱবৰ্ষত শনিবাৰৰ দিনটোত অসমত সৰ্বাধিক লোক আক্রান্ত হয় ক’ভিডত। শনিবাৰে অসমত পজিটিভিটিৰ হাৰ ৩.৭৩ লৈ বৃদ্ধি পাইছে।
ৰাজ্যত ক্ৰমাৎ অধিক ভয়াবহৰ দিশে গতি কৰিছে ক’ভিড পৰিস্থিতি। নৱবর্ষত সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা। নৱবর্ষত শনিবাৰৰ দিনটোত ভয়াবহভাৱে বৃদ্ধি পাইছে নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা।
শনিবাৰৰ দিনটোত অসমত ১২৫৪ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। শনিবাৰে অসমত পজিটিভিটিৰ হাৰ ৩.৭৩ লৈ বৃদ্ধি পাইছে।
লগতে পঢ়ক : ধুবুৰী আৰক্ষীৰ গুলীত অহাত এজন ড্ৰাগছ সৰবৰাহকাৰী
আনহাতে শনিবাৰে ৰাজ্যত মৃত্যুৰ মুখত পৰিছে ২ জন ক’ভিড ৰোগী। অসমত বৰ্তমান ৪৫৪৮ জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে। শনিবাৰে কামৰূপ মেট্ৰত আক্ৰান্ত হৈছে ৪৭২ জন লোক।