গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। শনিবাৰৰ দিনটোত ৰাজ্যত ১২৬ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। শনিবাৰৰ দিনটোত ৰাজ্যত এজন ক’ভিড ৰোগীৰ মৃত্যু হৈছে। শনিবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ২.৯৭ শতাংশ।

দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত শনিবাৰে ৪,২৩৮ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ১২৬ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে এজন লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হয় শনিবাৰে।

দিনটোত সৰ্বাধিক ৩২ জন লোক আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। কামৰূপ মহানগৰ জিলাৰ পিছতে ১৬ জন লোক কাছাৰ জিলাত, ১৫ জন লোক ডিব্ৰুগড় জিলাত, ৭ জন লোক গোৱালপাৰা জিলাত আৰু ৭ জন লোক আক্রান্ত হৈছে কাৰ্বি আংলং জিলাত। শনিবাৰৰ দিনটোত ১২৬ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ৩,৪৪৫ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।

লগতে পঢ়ক –  গুৱাহাটীত ৰে’লৱে ষ্টেশ্যনত ২২ লাখ টকাসহ এজনক আটক

ইফালে শনিবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ৩৯ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। শনিবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হোৱা ক’ভিড ৰোগীজন গোলাঘাট জিলাৰ। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply