তামুলপুৰ : তামুলপুৰৰ বিভিন্ন অঞ্চলত আজিৰ দিনটোত ১৩ হাজাৰ গছপুলি ৰোপণৰ লক্ষ্য। এই লক্ষ্যৰে আৰম্ভ হ’ল গছপুলি ৰোপন কাৰ্যসূচী। এছএছবিৰ উদ্যোগত পুৱাৰ ভাগৰ পৰা আৰম্ভ গছপুলি ৰোপন কাৰ্যসূচী।

বাক্সা জিলাৰ তামুলপুৰৰ কাউলীৰ বিষ্ণুপুৰত এছএছবিৰ গছপুলি ৰোপন কাৰ্যসূচী আৰম্ভ হয় পুৱাৰ ভাগত। এছএছবিৰ ২৪ নং বাহিনী ৰঙিয়াস্থিত কাৰ্যালয়ৰ দ্বাৰা গছপুলি ৰোপন কাৰ্যসূচীত তামুলপুৰৰ বিভিন্ন অঞ্চলত গছপুলি ৰোপন কৰা হ’ব।

বিভিন্ন ফল, ঔষধীক গছপুলিৰ লগতে মূল্যবান গছপুলি সমূহ অঞ্চলটোৰ স্থানীয় লোকৰ সৈতে ৰোপন কৰে এছএছবিৰ জোৱান সকলে। কামৰূপ, নলবাৰী আৰু মুছলপুৰ বন বিভাগৰ লোকেও এছএছবিৰ জোৱান সকলক গছপুলি ৰোপন কাৰ্যসূচীত সহযোগ কৰে।

লগতে পঢ়ক  : পৰিয়ালকেন্দ্ৰিক কন্দলে ৰূপ ল’লে হত্যাকাণ্ডৰ

জিলাখনৰ প্ৰতিটো ঠাইতে আজিৰ দিনটোত এক বৃহৎ গছপুলি ৰোপন কাৰ্যসূচী চলোৱা হৈছে বুলি জানিবলৈ দিয়ে এছএছবীৰ এগৰাকী শীৰ্ষ বিষয়াই। আজিৰ কাৰ্যসূচীত ১৩ হেজাৰ গছপুলি ৰোপন কৰাৰ লক্ষ্যৰে এছএছবিয়ে এই কাৰ্যসূচীৰ আৰম্ভ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply