নিউজ ডেস্কঃ কাছাৰৰ বৰখলা বিধানসভা সমষ্টিৰ জাৰইলতলায়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মোবাইলত গেম খেলি থকাৰ বাবে পান্না নাথ নামৰ ১৩ বছৰীয়া শিশুক কৰে হত্যা।

পান্না নাথৰ পিতৃ মাতৃয়ে জনোৱা অনুসৰি, কিশোৰ পান্নায়ে প্ৰতিবেশীৰ ঘৰত মোবাইলত গেম খেলি আছিল। মোবাইলত গেম খোলি থকা দেখি দীপক নাথ নামৰ লোকজনে পান্নাক বাধা দিয়ে।

দীপক নাথে পান্নাক বাধা দিয়াৰ বাবে দুয়োৰে মাজত সৃষ্টি হয় তৰ্কা-তৰ্কি। তৰ্কা-তৰ্কিয়ে পিছত লৈ ভয়ংকৰ ৰূপে।  ১৩ বছৰীয়া পান্নাক খেদি খেদি প্ৰচণ্ড মাৰপিট কৰে দীপক নাথে।

প্ৰচণ্ড মাৰপিটৰ ফলত গভীৰ ভাৱে আহত হয় কিশোৰটি। ঘটনাস্থলীত পান্নাৰ মাতৃ উপস্থিত হৈ নিজ পুত্ৰক উদ্ধাৰ কৰি লগে লগেই বৰখলা হাস্পতাললৈ লৈ যায়।

অৱস্থা সংকটজনক হোৱাত চিকিৎসকে তেওঁক শিলচৰ মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও মেডিকেলত কিশোৰটিৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷

উল্লেখযোগ্য যে, ঘটনাটোৰ সন্দৰ্ভত পান্না নাথৰ পিতৃ মনমোহন নাথে বৰখলা আৰক্ষী চকীত দীপক নাথৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে। ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক – বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব পাৰে বিশ্বকাপ ক্ৰিকেটৰ খেল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply