গুৱাহাটী : বিশ্বজুৰি ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ সন্ত্ৰাস। বিশ্বৰ কেইবাখনো দেশত বিয়পি পৰা ক’ভিডৰ এই নতুন ভেৰিয়েন্টকলৈ চিন্তিত হৈ পৰিছে স্বাস্থ্য বিজ্ঞানী। ভাৰততো ইতিমধ্যে কেইবাখনো ৰাজ্যত অ’মিক্ৰণত আক্রান্ত হৈছে লোক। বৰ্তমানলৈকে ভাৰতত ৩৮ জনকৈ লোক আক্রান্ত হৈ আছে অ’মিক্ৰণত।
ক’ভিডত এই নতুন ভেৰিয়েন্ট অ’মিক্ৰণ অতি ক্ষিপ্ৰতাৰে বিয়পিবলৈ আৰম্ভ কৰিছে। অ’মিক্ৰণৰ সংক্ৰমণৰ লগতে ক’ভিডৰ সংক্ৰমণ অব্যাহত আছে সমগ্ৰ বিশ্বত। অ’মিক্ৰণকলৈ ভাৰতৰ পৰিস্থিতি এতিয়াও ইমান চিন্তাজনক নহয় যদিও নতুনকৈ ক’ভিডত লোক আক্রান্ত হৈয়ে আছে। ভাৰতৰ অন্যান্য ৰাজ্য সমূহৰ লগতে অসমতো প্ৰতিদিনে নতুন নতুন লোক আক্রান্ত হৈ আছে ক’ভিডত।
দেওবাৰৰ দিনটোত অসমত ১৩৪ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হয়। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি এই ১৩৪ জন লোকৰ ভিতৰত ৮৬ জন কামৰূপ মহানগৰৰ। আনহাতে নতুনকৈ ক’ভিডত আক্রান্ত হোৱাৰ ৭ জন যোৰহাটৰ, ৬ জন শোণিতপুৰৰ আৰু ৫ জন দৰং জিলাৰ। ইফালে দেওবাৰে ক’ভিডত আক্রান্ত ৩ জন ৰোগীৰ মৃত্যু হয় ৰাজ্যত।
লগতে পঢ়ক : ভাৰতত অ’মিক্ৰণত আক্রান্তৰ সংখ্যা ৩৮ জনকৈ বৃদ্ধি
ইয়াৰ পৰিবৰ্তে অসমত দেওবাৰৰ দিনটোত ১১৯ জন লোকৰ ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠিছে। ৰাজ্যত এতিয়াও ১১২২ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে। এফালে ক’ভিডৰ সংক্ৰমণৰ অব্যাহত আছে যদিও আনফালে ৰাজ্যজুৰি অব্যাহত আছে ভেকচিনেশ্যন কাৰ্যসূচী।