বৃহস্পতিবাৰে শিৱসাগৰৰ বিভিন্ন স্থানৰ পৰা অ’এনজিচিৰ তিনি কৰ্মচাৰীৰ অপহৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ১৪ গৰাকী ব্যক্তিক আটক কৰে।

এই কথা জানিবলৈ দি শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই কয়, ‘প্ৰাৰম্ভিক তদন্তত আমি আলফাৰ হৈ কাম কৰি থকা ১৪ গৰাকী ব্যক্তিক ধৰা পেলাইছো। তেওঁলোকে নিষিদ্ধঘোষিত সংগঠনটোৰ বাবে বিভিন্ন কাম কৰি আহিছে, যাৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।‘

‘উক্ত ১৪ গৰাকীৰ ভিতৰত আৰক্ষীৰ জিম্মাত লৈ অধিক তথ্যৰ বাবে সোধাপোচা চলাই থকা হৈছে’ তেওঁ কয়।

উল্লেখযোগ্য যে যোৱা ২১ এপ্ৰিলত শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত লাকুৱা চাহ বাগিচাৰ ভিতৰত থকা এটা ৰিগৰ পৰা সন্দহযুক্ত উগ্ৰপন্থীয়ে অ’এনজিচিৰ তিনিগৰাকীকৈ কৰ্মচাৰীক অপহৰণ কৰি নিয়ে।

অপহৃত কৰ্মচাৰী কেইগৰাকী হৈছে কনিষ্ঠ অবিযন্তা ৰিটুল শইকীয়া, মোহিনী গগৈ আৰু কনিষ্ঠ টেক্নিচিয়ান অলকেশ শইকীয়া।

চোৰাংচোৱা বিভাগৰ এক সূত্ৰই জনোৱা মতে আলফা স্বাধীনৰ নেতা গনেশ লাহন আৰু তেওঁ দলে এই অপহৰণ কাণ্ড সংঘটিত কৰিছে।    

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply