গুৱাহাটী : তালিবানক সমৰ্থন জনাই গ্ৰেপ্তাৰ হোৱা ১৬ জনৰ ভিতৰত ১৪ জনে লাভ কৰিলে জামিন। গুৱাহাটী উচ্চ ন্যায়ালয় আৰু সত্ৰ ন্যায়াধীশ আদালতে ১৪ জনক জামিন প্ৰদান কৰিলে।
সামাজিক মাধ্যমত তালিবানক সমৰ্থনত জনাই পোষ্ট কৰাৰ অভিযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ১৬ জনকৈ লোকক। যোৱা আগষ্ট মাহত আফগানিস্তান তালিবানে দখল কৰাৰ পিছতে একাংশ লোকে তালিবানক সমৰ্থন জনাই সামাজিক মাধ্যমত পোষ্ট কৰিছিল।
ইয়াৰ পিছতে অসম আৰক্ষীয়ে এই সকল লোকৰ বিৰুদ্ধে অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই সকল লোকক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ হোৱা ১৬ জন লোকৰ ভিতৰৰ অসম আৰক্ষীত কৰ্মৰত চাইদুল হক নামৰ এজন কনিষ্ঠবলো আছিল।
লগতে পঢ়ক : সোণাৰিৰ টিয়ক চাহ বাগিচাৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা সদৌ অসম আদিবাসী ছাত্র সন্থাৰ
অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে চাইদুল হকক জামিন প্ৰদান কৰে। ইয়াৰ পিছতে আৰু ১৩ জন লোকে এই সন্দৰ্ভত আদালতৰ পৰা জামিন লাভ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা নুৰ আলম আৰু চৈয়দ আহমেদ জামিন লাভ কৰিবলৈ সক্ষম হোৱা নাই।