গুৱাহাটী : গুৱাহাটীত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। ১৪ বছৰীয়া কিশোৰীক নিৰ্মমভাৱে হত্যা। খাৰঘুলীত সংঘটিত হৈছে এই হত্যাকাণ্ড।

প্ৰেচাৰ কুকাৰ আৰু পতাগুটিৰে ১৪ বছৰীয়া কিশোৰী গৰাকীক নিৰ্মমভাৱে হত্যা কৰা হৈছে। দিম্পল কুমাপতি নামৰ কিশোৰী গৰাকীৰ মৃতদেহ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে।

কিশোৰী গৰাকীৰ পিতৃ-মাতৃ দোকানলৈ ওলাই যোৱাৰ পিছত কোনো দুৰ্বৃত্তই কিশোৰী গৰাকীক এইদৰে নিৰ্মমভাৱে হত্যা কৰে। দিম্পল কুমাপতি নামৰ কিশোৰী গৰাকী এঞ্জেল অব গড হাইস্কুলৰ ছাত্ৰী আছিল।

লগতে পঢ়ক : ১৫ টাকৈ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে সাংসাদ পল্লৱ লোচন দাসে

মহানগৰীৰ মাজমজিয়াত এইদৰে দিন দুপৰতে এগৰাকী কিশোৰীক নিৰ্মম ভাৱে হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply