ৰঙিয়া : ৰঙিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ঈদ পালন নকৰিলে ৰঙিয়াৰ ততাৰকুছিৰ আচাৰ আলীৰ পৰিয়ালে। ঈদৰ আগদিনা সন্ধানহীন হৈ থকা ১৪ বছৰীয়া পূত্ৰৰ দুদিন পিছত ওলাল মৃতদেহ। গাঁওখনৰে এটি পৰিত্যক্ত ঘৰত উদ্ধাৰ হ’ল চহিদুলৰ মৃতদেহ।
চহিদুলৰ পৰিয়ালে অভিযোগ কৰে যে চহিদুলক হত্যা কৰি ঘৰটোৰ বাৰাণ্ডাত ওলমাই থৈছে কোনো দুৰ্বৃত্তই। হাত-ভৰিত আঘাতৰ চিন স্পষ্ট হৈ থকাই বুজাই যে ই এক হত্যাকাণ্ড। পৰিয়ালৰ লোকে চহিদুলৰ হত্যাৰ লগত জড়িত বুলি আঙুলি টোৱাইছে গাঁওখনৰে এটা পৰিয়াললৈ।
এটা মিউজিক বক্স চুৰিক লৈ পৰিয়ালটোৰ দুজন লোকে চহিদুলক মৃত্যুৰ ভাবুকি দিছিল। সেইদিনাৰ পৰাই ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল চহিদুল। বৃহস্পতিবাৰে পৰিত্যক্ত ঘৰটোত চহিদুলৰ মৃতদেহ উদ্ধাৰ হোৱাত তীব্ৰ উত্তেজনা বিয়পি পৰে অঞ্চলটোত।
লগতে পঢ়ক : মানকাচৰৰ টেপৰপাৰাত মাছ মৰাক লৈ দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিট
শ শ লোক মৃতদেহ চাবলৈ ওলাই আহে। সমগ্ৰ ঘটনাটোৱে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। স্থানীয় গাঁওবাসীয়েও চহিদুল ইছলামৰ হত্যাকাৰীক কঠোৰ শাস্তি দিবলৈ দাবী জনায়।