গুৱাহাটী : সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হ’ল ১৪১ জন লোক। কামৰূপ মহানগৰ জিলাত ৭০ জন, ডিব্ৰুগড় জিলাত ৯ জন, লখিমপুৰ জিলাত ৮ জন আৰু যোৰহাট জিলাত ৭ জন লোক আক্রান্ত হৈছে।
ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ। প্ৰতিদিনে ৰাজ্যত নতুন নতুন লোক আক্রান্ত হৈ আছে ক’ভিডত। সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হয় ১৪১ জন লোক। অৱশ্যে সোমবাৰে এজনো ক’ভিড ৰোগীৰ মৃত্যু হোৱা নাই ৰাজ্যত।
লগতে পঢ়ক : ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়লৈ ৫০ হাজাৰ টকাৰ সাহাৰ্য
নতুনকৈ আক্রান্ত হোৱা ১৪১ জন লোকৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৭০ জন আক্রান্ত হৈছে। ইয়াৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাত ৯ জন, লখিমপুৰ জিলাত ৮ জন আৰু যোৰহাট জিলাত ৭ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হয় সোমবাৰৰ দিনটোত।