সোণাৰি : চৰাইদেউ জিলাৰ জিলা দণ্ডাধীশ বিনিতা পেগুৱে জাৰি কৰা এক নিৰ্দেশনা মৰ্মে জিলাখনৰ সীমান্ত অঞ্চলৰ ৫ কিলোমিটাৰ পৰিসৰত থকা নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া অঞ্চলসমূহত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তৎকালীন ভাৱে প্ৰযোজ্য হোৱাকৈ সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈকে সান্ধ্য আইন জাৰি কৰিছে। এই সান্ধ্য আইন পৰৱৰ্তী ৬০ দিনৰ বাবে বাহাল থাকিব ।

সান্ধ্য আইন জাৰি কৰা অঞ্চলসমূহ হৈছে ক্ৰমে অসম- নাগালেণ্ড সীমাৱৰ্তী অঞ্চলৰ নামতোলা, সাপেখাতী আৰু সোণাৰি আৰক্ষী চকীৰ অন্তৰ্গত সীমামূৰীয়া এলেকাসমূহ আৰু অসম- অৰুণাচল প্ৰদেশৰ সীমাৱৰ্তী অঞ্চলৰ সাপেখাতী, বৰহাট, চৰাইপুং আৰক্ষী চকীৰ অন্তৰ্গত সীমামূৰীয়া এলেকাসমূহ ।

এই আদেশ ভংগ কৰিলে আদেশ ভংগকাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অনুসৰি আইন মতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জিলা প্ৰশাসনে এক প্ৰেছ বাৰ্তাত প্ৰকাশ কৰিছে।

লগতে পঢ়ক-লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি

অৱশ্যে এই ক্ষেত্ৰত কৰ্মত নিয়োজিত দণ্ডাধীশসকল, সেনা, চি আৰ পি এফ, আৰক্ষী আৰু অসামৰিক বিষয়াসকলৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply