নিউজ ডেস্ক: সেনাৰ পেৰা কমাণ্ডোৰ এম্বুশত নাগালেণ্ডৰ ম’ন জিলাৰ অটিং গাঁৱৰ ১৪ গৰাকীকৈ নিৰীহ গাওঁবাসীৰ নিহত হোৱা ঘটনা চোৰাংচোৱাৰ ভুল তথ্য বাবেই হবলৈ পালে । এই ঘটনাক লৈ গৃহ মন্ত্ৰী অমিত শ্বাহে টুইট যোগ দুখ প্ৰকাশ কৰিছে ।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅৱে ৰাজ্য চৰকাৰে এই ঘটনাৰ তদন্তৰ বাবে এক উচ্চ পৰ্যায়ৰ এছ আই টি গঠন কৰি তদন্ত কৰিব বুলি ঘোষণা কৰিছে। পীড়িত পৰিয়ালে শীঘ্ৰে ন্যায় পাব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে সমগ্ৰ দেশ কঁপাই যোৱা ভাৰতীয় সেনাৰ এনে কাৰ্যক নিন্দা কৰিছে
মুখ্যমন্ত্ৰীয়ে ।

অটিঙ সেনাৰ নিৰ্বিচাৰ গুলীবৰ্ষণ ঘটনাৰ নিহতৰ সংখ্যা প্ৰায় ১৪ গৰাকী লৈ বৃদ্ধি পাইছে । ইয়াৰে এজনৰ ভৰিত গুলী লাগি গুৰুত্বভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে । আনহাতে এতিয়াও দুজন গাওঁবাসী সন্ধানহীন হৈ আছে । সেনাৰ গুলীত নিহত ব্যক্তিসকল হ’ল– নগামফো , লাঙলুন, মামপেই, হকুপ, লংৱাঙ , ছমৱাঙ, থাপৱাঙ, এছ খাঙহৱাঙ, থাকৱাঙ, ছেইৱাঙ, পাওকাম, ইনজুঙ, আৰু পেপন।

হৰ্নবিল উৎসৱৰ কাৰ্যসূচী বাতিল কৰি প্ৰতিবাদ

সেনাৰ এনে বৰ্বৰ কান্ড বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচন আৰু কন্যাক ইউনিয়ন । তেওঁলোকে আজি কিছামাত চলি থকা হৰ্নবিল উৎসৱৰ কাৰ্যসূচী বাতিল কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ।

হৰ্নবিল উৎসৱত কন্যাক জনগোষ্ঠীৰ মুৰং ঘৰত এই গণহত্যাৰ প্ৰতিবাদ জনাই পষ্টাৰ আঁৰি দিয়া হৈছে। ইফালে নাগালেণ্ডৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে হৰ্নবিল উৎসৱ আজিৰ পঞ্চম দিনাৰ কাৰ্যসূচীৰ আৰম্ভ হোৱা পূৰ্বে গুলীবৰ্ষণ নিহতসকলক শ্ৰদ্ধা জনাই এক মৌন প্ৰাৰ্থনা জনায়।

মন জিলাৰ শনিবাৰৰ ঘটনাৰ আজি ব্লেক ছানডে হিচাপে অভিহিত কৰি সমগ্ৰ নাগালেণ্ডত পালন কৰিছে । পৰিস্থিতি অধিক উতপ্ত হোৱাৰ শংকা কৰিয়েই নাগালেন্ডৰ মন জিলাত ইন্টাৰনেট সেৱা বন্ধ কৰি দিছে।

লগতে পঢ়ক- নাগালেন্ডৰ মন জিলাত ২১পেৰা কামাণ্ডোৰ গুলীত নিহত ১৪ জন নীৰিহ গঞা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply