সোণাৰি: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো একাংশ লোকে শিশু শ্ৰমিকক বিভিন্ন কামত নিয়োজিত কৰি শিশু শ্ৰমিক আইন উলংঘা কৰা পৰিলক্ষিত হৈ আহিছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত আজি চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ তৎপৰতাত চৰাইদেউ জিলাৰ বাকুপুখুৰীস্থিত এখন চাহ বাগিচাৰ পৰা ১৫ গৰাকী শিশু শ্ৰমিক উদ্ধাৰ কৰা হয়।

শিৱসাগৰ আৰু চৰাইদেউ দুয়োখন জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা শিশু সুৰক্ষা বিষয়া নুজহাত নাচৰীন আৰু জাহ্নৱী গোস্বামীৰ তৎপৰতাত চৰাইদেউ আৰু শিৱসাগৰ জিলা শিশু শ্ৰমিক ট্ৰাস্ক ফ’ৰ্চৰ যুটীয়া উদ্যোগত পুতু বৰুৱা নামৰ এগৰাকী লোকৰ মালিকানাধীন এখন চাহবাগিছাৰ পৰা পোন্ধৰ টি শিশু শ্ৰমিক উদ্ধাৰ কৰা হৈছে ।

শিশু কেইটিক ইতিমধ্যে চৰাইদেউ জিলা শিশু কল্যাণ সমিতিৰ ওচৰত হাজিৰ কৰাই প্ৰজ্ঞালয়া শিশু গৃহত প্ৰকৃত পিতৃ মাতৃক চিনাক্তকৰণৰ নোহোৱা পৰ্যন্ত ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে চৰাইদেউ জিলা সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ শ্ৰম বিভাগৰ শ্ৰম পৰিদৰ্শক ভুৱনেশ্বৰ ৰাভাই মথুৰাপুৰ থানাত মালিক পক্ষৰ ওপৰত লিখিত এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিছে।

লগতে পঢ়ক মৈদাম সমূহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ দাবী টাই আহোম যুৱ পৰিষদৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply