শুকুৰবাৰে নিশা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তুৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ’ল ইউক্ৰেইনৰ পৰা অহা কেইবাগৰাকী শিক্ষাৰ্থী ।
দিল্লীৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ল ১৫ গৰাকীকৈ ইউক্ৰেইনত অধ্যায়নৰত শিক্ষাৰ্থী।
ইউক্ৰেইনৰ ভয়াৱহ পৰিৱেশৰ সাক্ষী লৈ নিজা মাতৃভূমিত উপস্থিত সকলো শিক্ষাৰ্থী ।
বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা সকলৰ ভিতৰত আছে সুস্মিতা পেগু, অশোক কুমাৰ সিনহা, জোন ডেকা, কৌস্তৱ কলিতা, অনুভা দেৱী, ৰমিজ আলম, চাহিজতা চুলতানা ৰহমান, জোনাক জিজ্ঞাস কাশ্যপ, অংকুৰজ্যোতি ঠাকুৰীয়া,দেৱব্ৰত শৰ্মা, মামু হাজৰিকা, অলকেশ কৌশিক, ঋতিকা কলিতা, ওম প্ৰকাশ মাহাতো আৰু তৰুন শ্বাহিল।

যুদ্ধ ভূমিৰ পৰা ওলাই অহাৰ সময়ত ৰেলতে গৰ্ভধাৰনৰ ঘটনাৰ সাক্ষী হৈ লাভ কৰা সকলো বৰ্ননা কৰিলে ছাত্ৰী সকলে।

নিজেই নিজৰ প্ৰাণ ৰক্ষা কৰি ওলাই আহিছে এই সকল ছাত্ৰ-ছাত্ৰী। ইউক্ৰেইনত ভাৰত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাৰো ক্ষোভ উজাৰিলে এই সকল ছাত্ৰ-ছাত্ৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply