ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী
বুধবাৰে মণিপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। মণিপুৰৰ নোনীত সংঘটিত এই দুৰ্ঘটনাৰ ফলত নিহত হয় প্ৰায় ১৫ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী আৰু আহত হয় কেইবাজনো।
জানিব পৰা মতে দুখন বাছে স্কুলৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই আনিছিল। শিক্ষামূলক ভ্ৰমণৰ বাবে খৌপুখলৈ গৈ থকাৰ অৱস্থাতে এই পথ দুৰ্ঘটনা সংঘটিত হয়। নিহত ছাত্ৰ-ছাত্ৰী সকল থামবালনু হায়াৰ চেকেণ্ডাৰী স্কুলৰ আছিল।
বাছখনত প্ৰায় ২২ গৰাকী ছাত্ৰ-ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে। আহত কেইজনক ইতিমধ্যে হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে।