গুৱাহাটী : অহা ৩ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ’ব ১৫ বছৰৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰীসকলৰ প্ৰতিষেধক প্ৰদান। এই বিষয়ত আলোচনা কৰিবলৈ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে জিলাখনৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ লগত এখন সভা অনুষ্ঠিত কৰে।

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই সভাত জিলা স্বাস্থ্য বিভাগক বিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আগতীয়াকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তই নিৰ্দেশ দিয়াৰ লগতে শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিষেধক গ্ৰহণৰ সজাগতা সৃষ্টিৰ বাবে আহ্বান জনায়।

প্ৰতিখন বিদ্যালয়ৰ ১৫ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰীৰ আগতীয়াকৈ এখন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দি উপায়ুক্তগৰাকীয়ে কয় যে ক’ভিডৰ পৰা ৰক্ষাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে সজাগতা সৃষ্টি কৰিব লাগিব।

লগতে পঢ়ক  :  বাইক-কাৰ ৰেলীেৰে মহানগৰীত পথ সুৰক্ষাৰ সজাগতা সৃষ্টি

অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) ড° ধ্ৰুৱজ্যোতি হাজৰিকাই ২০০৭ চন বা তাৰ আগত জন্মগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰী ক’ভিড প্ৰতিষেধক গ্ৰহণৰ বাবে উপযুক্ত হ’ব বুলি সভাত উল্লেখ কৰে। অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতিৰ উপৰি বিদ্যালয় পৰিদৰ্শক, জিলা স্বাস্থ্য বিভাগৰ বিষয়-ববীয়াসকলে সভাত অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply