নিউজ ডেস্ক: ৰাজ্যত অনুষ্ঠিত কৰা স্বাস্থ্য সেৱা উৎসৱৰ ফল ঘোষিত হৈছে । বিদ্যালয়ৰ গুণোৎৱৰ আৰ্হিত স্বাস্থ্য বিভাগে চৰকাৰী চিকিৎসালয় সমুহতো ‘স্বাস্থ্য সেৱা উৎসৱ’ আৰম্ভ কৰিছিল। চৰকাৰী চিকিৎসালয় সমূহৰ চিকিৎসাসেৱা, চিকিৎসা সঁজুলি আৰু আন্তঃগাঁথনিৰ মান নিৰূপণ কৰাৰ উদ্দেশ্যেৰে এই উৎসৱ অনুষ্ঠিত কৰা হৈছিল ।
এই স্বাস্থ্য সেৱা উৎসৱত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহৰ ভিতৰত মুঠ ১৫৩খন চিকিৎসালয়ে ‘এ গ্রেড’ লাভ কৰিছে । এইসমূহৰ ভিতৰত কাছাৰ জিলাৰ ২২খন চিকিৎসালয়ে ৫২ শতাংশ হাৰত প্ৰথম স্থান লাভ কৰিছে ।

আনহাতে বাক্সা, চিৰাং, মাজুলী, লখিমপুৰকে ধৰি ৬খন জিলাই এই পৰীক্ষাত ভাল ফলাফল লাভ কৰা নাই।