স্মৃতিপ্ৰিয়া লাহন,টীয়ক: ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতাত কনমানী তনয়ৰ সফলতাক লৈ গৌৰবাম্বিত টীয়কবাসী। প্ৰতিযোগিতাৰ যুগত প্ৰতিজন সন্তানৰ মাক-দেউতাকে নিজৰ সন্তানৰ ভৱিষ্যতৰ সপোনক বাস্তৱ ৰূপ দিয়াবলৈ চেষ্টা কৰে।
টীয়কৰ এজন কণমানি য়ে সমগ্ৰ ৰাজ্যৰ লগতে অঞ্চলটিলৈ কঢ়িয়াই আনিলে গৌৰব। টীয়ক পহুমৰা গাঁওৰ পিতৃ হৰেন শৰ্মা আৰু মাতৃ ৰীতা দেৱীৰ পুত্ৰ তথা ৫৪ নং প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ তনয় শৰ্মাই বিহাৰৰ ভাগলপুৰত অনুষ্ঠিত 16th National Ashihara Karate Championship ত দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক লাভ কৰে।
আৰ্থিক অনাটনৰ মাজতো আগবাঢ়ি যোৱা তনয়ৰ আগন্তক দিনত আৰু সফলতা লাভ কৰিবলৈ প্ৰয়োজন হ’ব আপোনালোকৰ সহায় তথা আশীৰ্বাদৰ।
Ashihara Karate Fedaration Of India ৰ সৌজন্যত ষষ্ঠদশ ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত অসমে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি গৌৰৱ কঢ়িয়াই আনে। হেমন্ত বৰঠাকুৰ আৰু সুশান্ত দাসৰ নেতৃত্বত যোৱা অসম দলটোৱে ৩২ টা সোণৰ পদক, ১৮ টা ৰূপৰ পদক , ৯ টা ব্ৰঞ্জৰ পদক লাভ কৰে।
লগতে পঢ়ক-আকৌ জুৰীয়া বজাৰত হেৰোইনসহ এজনক গ্ৰেপ্তাৰ