ছিপাঝাৰৰ : দৰংত কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৰ ভয়াবহ সংক্ৰমণ। জিলাখনৰ ছিপাঝাৰৰ হাজৰিকাপাৰা গাঁৱৰ বৰুৱা চুবুৰীৰ ১৭ জনকৈ লোক কভিডত আক্রান্ত হৈছে। শুকুৰবাৰে জিলাখনত আক্রান্ত হৈছিল ৭১ জন লোক। বর্তমানলৈকে দৰং জিলাত ৩৩১ জনকৈ কভিড আক্রান্ত লোক আছে।
সমগ্ৰ দেশতে কভিড মহামাৰীৰ ভয়াবহ তাণ্ডৱ অব্যাহত আছে। দেশত প্ৰতিদিনে লক্ষাধিক লোক কভিডত আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে হাজাৰ হাজাৰ লোক। চিকিৎসালয় সমূহত ঠাইৰ অভাৱৰ লগতে কভিড ৰোগীৰ বাবে নাটনি হৈছে অক্সিজেনৰ।
দেশত কভিডৰ ভয়াবহ পৰিস্থিতি মাজতে অসমতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে নতুন নতুন লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰাৰ মাজতে দৰং জিলাত কভিডৰ ভয়াবহ সংক্ৰমণ পৰিলক্ষিত হৈছে।
শুকুৰবাৰে দৰং জিলাৰ ছিপাঝাৰৰ হাজৰিকাপাৰা গাঁৱৰ বৰুৱা চুবুৰীৰ একেলগে ১৭ জনকৈ লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰিছে। শুকুৰবাৰে জিলাখনত মুঠ ৭১ জনকৈ লোকৰ শৰীৰত কভিড ভাইৰাছ ধৰা পৰিছিল। বর্তমান দৰংত ৩৩১ লোক কভিডত আক্রান্ত হৈ আছে।