গুৱাহাটী : সমগ্ৰ দেশজুৰি অব্যাহত আছে কভিড মহামাৰীৰ তাণ্ডৱলীলা। প্ৰতিদিনে দেশত লক্ষাধিক লোক কভিডৰ দ্বিতীয়টো ঢৌৰ কবলত পৰাৰ লগতে মৃত্যুক আঁকোৱালি লৈ হাজাৰ হাজাৰ লোক। চিকিৎসালয় সমূহত কভিড ৰোগীৰ চিকিৎসাৰ বাবে ঠাইৰ অভাৱ হোৱাৰ সমান্তৰালে দেখা দিছে অক্সিজেনৰ নাটনি। ইতিমধ্যে অক্সিজেনৰ অভাৱত বহু লোকৰ মৃত্যু ঘটাও পৰিলক্ষিত হৈছে।
দেশৰ অন্যান্য ৰাজ্য সমূহৰ তুলনাত বৰ্তমানলৈকে অসমত ক’ভিড মহামাৰীয়ে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ সক্ষম হোৱা নাই যদিও অসমত প্ৰতিদিনে বৃদ্ধি পাই আছে আক্রান্তৰ সংখ্যা। বিশেষকৈ অসমত বহিঃৰাজ্যৰ পৰা লোকৰ শৰীৰত ব্যাপক হাৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে। ৰে’লযোগে বহিঃৰাজ্যৰ পৰা অসমত অহা বহু লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিড মহামাৰীৰ ভাইৰাছ।
বুধবাৰৰ দিনটোত গুৱাহাটী ৰে’ল ষ্টেশ্যন আৰু কামাখ্যা ৰেল ষ্টেশ্যনত বহিঃৰাজ্যৰ পৰা অহা বহু লোক কভিডত আক্রান্ত বুলি ধৰা পৰে। বুধবাৰে বহিঃৰাজ্যৰ পৰা যাত্ৰীলৈ ৪ খনকৈ ৰে’ল গুৱাহাটী ৰে’ল ষ্টেশ্যনত উপস্থিত হয়। এই ৪ খন ৰে’লত অহা যাত্ৰীৰ ভিতৰত গুৱাহাটী ৰে’ল ষ্টেশ্যন ১৭ জন যাত্ৰী কভিডত আক্রান্ত বুলি ধৰা পৰে।
আনহাতে কামাখ্যা ৰে’ল ষ্টেশ্যন বহিঃৰাজ্যৰ পৰা ৰে’লযোগে অহা ২৫ জনকৈ যাত্ৰী কভিডত আক্রান্ত বুলি ধৰা পৰে। উল্লেখ্য যে প্ৰতিদিনে গুৱাহাটী ৰে’ল ষ্টেশ্যনত বহিঃৰাজ্যৰ পৰা যাত্ৰীলৈ ৪-৫ খন ৰে’ল উপস্থিত হয়। ৰে’লযোগে বহিঃৰাজ্যৰ পৰা অহা প্ৰতিগৰাকী যাত্ৰীক কভিড টেষ্টৰ অনন্ত ৰে’ল ষ্টেশ্যনৰ পৰা ওলাই আহিবলৈ দিয়ে হয়।
উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত কভিডত নতুনকৈ ৩,০৪৫ জন লোক আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰে ২২ জনকৈ লোক। আনহাতে দেশত বুধবাৰে কভিড আক্রান্ত লোকৰ সংখ্যাৰ লগতে মৃতকৰ সংখ্যাই সকলো অভিলেখ ভংগ কৰে। বুধবাৰে সমগ্ৰ দেশত ৩ লাখ ৭৯ হাজাৰ ২৫৭ জন লোক কভিডত আক্রান্ত হয়। দেশত বুধবাৰে মৃত্যুৰ মুখত পৰে ৩,৬৪৫ জন কভিড ৰোগী।