গুৱাহাটীঃ বিধানসভাৰ প্ৰশ্নকালত বিজেপি বিধায়ক দিগন্ত কলিতাৰ প্ৰশ্নৰ উত্তৰত সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০২১’ চনৰ মে’ মাহৰ পৰা ২০২২’ চনৰ আগষ্ট মাহৰ ভিতৰত ৰাজ্যত মুঠ ১৭৪ টা মানৱ সৰবৰাহৰ গোচৰ ৰুজু কৰা হৈছিল।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়, “এই সময়ছোৱাত আমি ৩১৮ গৰাকী মহিলা আৰু শিশুক উদ্ধাৰ কৰিছো। একে সময়তে, আমি ১৩৯ জন মানৱ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছো।”
লগতে তেওঁ কয়, ”শেহতীয়াকৈ অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতিৰ লগতে মানৱ সৰবৰাহৰ ঘটনা সামান্য হ্ৰাস পাইছে।আমি কেইবাটাও বেচৰকাৰী সংগঠন আৰু মহিলা গোটৰ সৈতে কাম কৰি আছো। আমি ৩৫খন জিলাতে মানৱ সৰবৰাহ বিৰোধী গোট স্থাপন কৰিছো। উদ্ধাৰ হোৱা মহিলাসকলৰ পুনৰ্সংস্থাপনৰ বাবে মহিলা আত্মসহায়ক গোটসমূহক প্ৰশিক্ষণ দিয়াৰ বাবে আমি Tata Institute of Social Sciences,Guwahati ৰ সৈতেও সহযোগিতা কৰিছো।”
এআইইউডিএফৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ এক পৃথক প্ৰশ্নৰ লিখিত উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৮ চনৰ পৰা ২০২২ চনৰ আগষ্টলৈকে চাৰি বছৰত মুঠ ৪,৪১৭ টা শিশু সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে।
“মুঠতে ৪,০৩৩ টা শিশুক বিচাৰি উলিয়াই ঘৰলৈ ঘূৰাই পঠোৱা হৈছিল। মুঠ ৪৬৭ টা শিশু এতিয়াও সন্ধানহীন হৈ আছে,” তেওঁ সদনক জনায়।
শৰ্মাই এইটোও কৈছিল যে শিশুসকলক বনকৰা হিচাপে ঘৰত ৰখা আৰু তেওঁলোকক বিদ্যালয়ৰ শিক্ষাৰ বাবে নামভৰ্তি নকৰাটোও এক প্ৰকাৰৰ মানৱ সৰবৰাহ। আমি এই ক্ষেত্ৰত বিশেষ আইন অনাৰ কথা চিন্তা কৰি আছো।
নিয়োগকৰ্তাই বনকৰা হিচাপে ৰখা এটি শিশুৰ যদি নিয়োগকৰ্তাই শিশুসকলক ঘৰুৱা কামত ব্যৱহাৰ কৰি আছে তেন্তে তেওঁলোকে এই বিষয়ে আৰক্ষীক জনাব লাগিব। আইন অনুসৰি, গৃহস্থই তেওঁলোকৰ ঘৰত নিয়োগ কৰা বনকৰা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব লাগিব। এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ লোৱা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।