নগাওঁঃ নগাঁও জিলাৰ বঢ়মপুৰৰ কন্দলী পাহাৰৰ সমীপৱৰ্তী তপতজুৰি পাহাৰত ৰহস্যজনক ভাৱে ১৮টাকৈ হাতী মৃত্যু হোৱা ঘটনাই অসমতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

যোৱা ১৩ মে’ত উদ্ধাৰ হোৱা ১৮ টা বন্যহস্তীৰ মৃত্যুৰ প্ৰকৃত কাৰণ অৱশেষত উন্মোচিত কৰিলে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে ।

বন্য হস্তীকেইটাৰ মৃত্যু বজ্ৰপাতত হোৱা বুলিয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰিছে । পশু চিকিৎসা মহাবিদ্যালয়ৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত এই তথ্য প্ৰকাশ পাইছে।

প্ৰতিবেদন অনুসৰি অতি উচ্চ প্ৰাবল্যৰ বৈদ্যুতিক প্ৰবাহত অগ্নিদগ্ধ (High voltage electrical burn injury ) হৈ কৰুণ ভাৱে মৃত্যু হৈছিল হাতীকেইটাৰ । বজ্ৰপাতত অতি উচ্চ প্ৰাবল্যৰ বিজুলী প্ৰবাহিত হয় ।

বনবিভাগে উক্ত হাতীকেইটা বজ্ৰপাতৰ ফলত মৃত্যু হোৱা বুলি সদৰী কৰিলেও বিভিন্ন প্ৰকৃতিপ্ৰেমী দল সংগঠনে খাদ্য বিষক্ৰিয়াত মৃত্যু হোৱাৰ সন্দেহ কৰিছিল।

আৰু পঢ়কঃউৰুখা পঁজাতে সপোন ৰছা এগৰাকী কবি-সাহিত্যিকৰ জীৱন গাঁথা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply