গুৱাহাটী : ৫ মে’ৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত ১৮ ৰ পৰা ৪৪ বছৰৰ সাংবাদিক সকলক প্ৰতিকীৰূপে কভিডৰ ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে পুৱা ৯.৩০ মিনিটৰ পৰা আৰম্ভ হৈছে এই ভেকচিনেচন কেম্প। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ১০০ জন সাংবাদিকেহে প্ৰাৰম্ভিক পৰ্য্যায়ত ল’ব পাৰিব ভেকচিন।
ক’ভিড মহামাৰীৰ এই ভয়াবহ পৰিস্থিতিৰ মাজতো বিভিন্ন খবৰৰ সন্ধানত যিসকলে সমুখৰ পৰা যুজঁ দি আহিছে অৰ্থাৎ যিসকলে বিভিন্ন স্থানলৈ গৈ বা-বাতৰি সংগ্ৰহ কৰিছে, সেইসকল সাংবাদিক, ফটো সাংবাদিক, ভিডিঅ’ জাৰ্ণালিষ্টকহে প্ৰাধান্য দিয়া হৈছে এই ভেকচিন প্ৰদান কেম্পত। সেয়েহে গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা প্ৰতিটো সংবাদ প্ৰতিষ্ঠানৰ মাত্ৰ দুজন সাংবাদিকক তেওঁলোকে নিৰ্বাচিত কৰি প্ৰাৰম্ভিক পৰ্যায়ৰ ভেকচিন লোৱাৰ ব্যৱস্থা কৰিছে।
ভেকচিনৰ বাবে নিৰ্বাচিত প্ৰতিজন সাংবাদিকে co-win, আৰোগ্য সেতু এপত পঞ্জীয়ন কৰি নিজৰ নাম ভেকচিন লবৰ বাবে অন্তর্ভূক্ত কৰিব পাৰিব। পঞ্জীয়নৰ নাম্বাৰটো গুৱাহাটী প্ৰেছ ক্লাবৰ ৬০২৬৬৭২৮১৭ নাম্বৰলৈ প্ৰেৰণ কৰাৰ পিছতে ভেকচিন প্ৰদান কৰা হ’ব।