মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰত আৰম্ভ হ’ল ১৮ ৰ পৰা ৪৪ বছৰীয়া লোকৰ ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া। জিলাখনত দ্ৰুত গতিত বৃদ্ধি পাইছে কভিডৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ। জিলাখনত ১৯৩ জনলৈ বৃদ্ধি পালে কভিড আক্ৰান্তৰ সংখ্যা।

শুকুৰবাৰৰ পৰা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ১২ খনকৈ স্বাস্থ্য কেন্দ্ৰত ১৮ বছৰৰ পৰা ৪৪ বছৰৰ লোকক ভেকচিন প্ৰদানৰ কাৰ্যসূচী জিলা স্বাস্থ্য বিভাগে আৰম্ভ কৰে। মানকাচৰৰ গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্র, দক্ষিণ শালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়কে ধৰি জিলাখনৰ মুঠ ১২ খন স্বাস্থ্য কেন্দ্ৰত এই ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

ইফালে জিলাখনত শুকুৰবাৰে নতুনকৈ আৰু ৮ জন লোক কভিডত আক্ৰান্ত হোৱাত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৯৩ জনলৈ বৃদ্ধি পায়। জিলাখনত বর্তমানলৈকে এজন লোক কভিডত আক্ৰান্ত হৈ মৃত্যু মুখত পৰাৰ লগতে ৫২ জন লোক আৰোগ্য লাভ কৰিছে। আনহাতে ১৪১ জন লোক এতিয়াও আক্ৰান্ত হৈ আছে।

আক্রান্ত সকলৰ ভিতৰত তিনিজন হাস্পাতালত চিকিৎসাধীন হৈ থকাৰ লগতে ১৩৮ জন হোম আইচুলেশনত আছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে। একেদৰে মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আনাৰুল ইছলাম কভিডত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি জানিব গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply