গুৱাহাটী : নিয়ন্ত্ৰণলৈ আহিছে যদিও ৰাজ্যত এতিয়াও ৰাজ্যত ক’ভিড আক্রান্ত হৈ আছে বহু লোক। কেৱল আক্রান্তই নহয় মৃত্যুৰ মুখতো পৰি আছে ক’ভিড ৰোগী। বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ১৮২ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে।

সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিড প্ৰতিষেধক কাৰ্যসূচী চলি থকাৰ মাজতে বহু লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে। বিগত ২৪ ঘণ্টাত অসমত পুনৰ ১৮২ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। আনহাতে বিগত ২৪ ঘন্টাৰ ৰাজ্যৰ ৬ জনকৈ ক’ভিড ৰোগী মৃত্যুৰ মুখত পৰিছে।

লগতে পঢ়ক : নগালেণ্ডৰ ম’ন জিলাত আজি সম্পূৰ্ণ বন্ধ ঘোষণা

ৰাজ্যত নতুনকৈ আক্রান্ত হোৱা ১৮২ জন ক’ভিড আক্রান্ত লোকৰ ভিতৰত ৫৯ জনে কামৰূপ মহানগৰ জিলাৰ। ২২ জন তিনিচুকীয়া জিলাৰ, ১২ জন ডিব্ৰুগড় জিলাৰ আৰু ১২ জন বৰপেটা জিলাৰ। ইফালে ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ১২২ জন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply